ভঙা হাড় আৰু একাধিক জটিল ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে যুঁজি থকা সাত সপ্তাহীয়া এটা এছীয় হাতী পোৱালিক উন্নত চিকিৎসাৰ বাবে অসমৰ পৰা আকাশীপথেৰে গুজৰাটলৈ প্ৰেৰণ কৰা হৈছে। ‘ৰাজা’ নামৰ হাতী পোৱালিটোক জৰুৰী চিকিৎসাৰ উদ্দেশ্যৰে গুজৰাটৰ জামনগৰত থকা ‘ৱানতাৰা’ৰ বিশেষ হাতী চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

বিগত ২ অক্টোবৰত অসমৰ গোগামুখত জন্মগ্ৰহণ কৰিছিল হাতী পোৱালিটোৱে। কিন্তু জন্মৰ দিনাই নিজৰ ১১ বছৰীয়া মাতৃ হাতীজনীৰ গোৰ খাই তাৰ পিছ ঠেঙৰ সোঁফালৰ উৰুৰ হাড় সম্পূৰ্ণৰূপে ভাঙি যায়। ফলত পোৱালিটো নিজে থিয় হ’বলৈ সক্ষম নোহোৱাৰ লগতে মাকৰ প্ৰথম গাখীৰো খাবলৈ নাপালে।

ইয়াৰ পিছতে লখিমপুৰ জিলাৰ পহুমাৰাত হাতীৰ গৰাকীৰ বাসগৃহতে যোৱা সাত সপ্তাহ ধৰি ৰাজাৰ চিকিৎসা চলি আছিল। মালিকৰ অনুৰোধত ৮ অক্টোবৰত ৱানতাৰাৰ এক জৰুৰী সঁহাৰি দল ঘটনাস্থলীত উপস্থিত হৈছিল। এক্স-ৰে পৰীক্ষাত হাড়ৰ ভঙা অংশ স্থানচ্যুত হোৱাটো স্পষ্ট হৈ পৰে। বিশেষজ্ঞ চিকিৎসকে প্লাষ্টাৰ আৰু বেণ্ডেজেৰে হাড়ডাল স্থিৰ কৰি পোৱালিটোক থিয় কৰাবলৈ সহায়ক ব্যৱস্থা লয় আৰু বিশেষভাৱে প্ৰস্তুত কৰা বিকল্প গাখীৰৰ যোগান ধৰে।

চিকিৎসা চলি থকাৰ মাজতে ৰাজাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। পোৱালিটোৰ দেহত ডায়েৰিয়া, ক্লেবচিয়েলা নিউম’নিয়া নামৰ বেক্টেৰিয়াজনিত সংক্ৰমণ, তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস, যকৃতৰ বিজুতি, ঘা আৰু নাভিৰ হাৰ্নিয়াৰ দৰে একাধিক সমস্যাই দেখা দিয়ে। পৰিস্থিতি চম্ভালিবলৈ চিকিৎসকে এণ্টিবায়’টিক, চেলাইনৰ জৰিয়তে তৰল পদাৰ্থ আৰু পুষ্টিকৰ দ্ৰব্য প্ৰদান কৰে।

চিকিৎসকসকলে প্ৰকাশ কৰা অনুসৰি, ৰাজাৰ দুৰ্বল শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ২,৫০০ কিলোমিটাৰতকৈ অধিক পথ স্থলপথেৰে নিয়াটো অত্যন্ত বিপদজনক আছিল। সেয়েহে গুৱাহাটীৰ পৰা বিশেষ বিমানযোগে প্ৰায় চাৰি ঘণ্টাৰ আকাশী যাত্ৰাৰে তাক গুজৰাটৰ জামনগৰলৈ নিয়াৰ সিদ্ধান্ত লোৱা হয়।

যাত্ৰাৰ বাবে এটা বিশেষভাৱে নিৰ্মিত বাকচ ব্যৱহাৰ কৰা হৈছে। বিমান যাত্ৰাৰ সময়ছোৱাত পশু চিকিৎসক আৰু সহায়ক কৰ্মীৰ এটা দলে পোৱালিটোৰ শৰীৰত পানীৰ পৰিমাণ আৰু তেজৰ গ্লুক’জৰ মাত্ৰা নিৰন্তৰ নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰে। জামনগৰৰ চিকিৎসালয়খনত পোৱালিটোৰ স্বাস্থ্য পৰীক্ষা, হাড়ৰ চিকিৎসা, বিষ নিৰাময় আৰু চলাচলৰ পুনৰ্বাসনৰ দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।