গুৱাহাটী, ২২ নৱেম্বৰ: লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ‘ভোট বচাওক, দেশ বচাওক’ অভিযানৰ অংশ হিচাপে অহা ২৬ নৱেম্বৰ অৰ্থাৎ সংবিধান দিৱসৰ দিনা সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছে ‘সংবিধান ৰক্ষা পদযাত্ৰা’ কাৰ্যসূচী ৰূপায়ণ কৰিব। গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃতত্ত্বাৱধায়ক মনোজ চৌহানে এই কাৰ্যসূচীৰ বিষয়ে সদৰী কৰে।

সংবাদমেলত মনোজ চৌহানে কয় যে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ আৰু ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সহযোগী দলসমূহে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। তেওঁ অভিযোগ উত্থাপন কৰি কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ সৈতে মিলি ভোট চুৰিৰ জৰিয়তে চৰকাৰ গঠন কৰিছে আৰু দেশৰ গণতন্ত্ৰক লুণ্ঠন চলাইছে।"

চৌহানে লগতে অভিযোগ কৰে যে ২০২৩ চনত সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি আৰু দেশৰ মুখ্য ন্যায়াধীশক লৈ এখন সমিতি গঠনৰ নিৰ্দেশ দিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে সংসদত আইন প্ৰণয়ন কৰি মুখ্য ন্যায়াধীশৰ স্থানত এগৰাকী কেবিনেট মন্ত্ৰীক অন্তৰ্ভুক্ত কৰি সেই ৰায় সলনি কৰি পেলালে।

ভোট চুৰিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ২৬ নৱেম্বৰত দেশৰ প্ৰতিখন ৰাজ্যৰ সদৰ ঠাইত এই পদযাত্ৰা উলিওৱা হ'ব বুলি উল্লেখ কৰি চৌহানে সকলো গণতন্ত্ৰপ্ৰেমী লোকক এই কাৰ্যসূচীত অংশ ল'বলৈ আহ্বান জনায়। সংবাদমেলত তেওঁ কংগ্ৰেছৰ তিনিটা মূল দাবীৰ কথা উল্লেখ কৰে— মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ, দেশৰ ১৩ কোটি ৩০ লাখ ভোটাৰৰ নাম কৰ্তন কৰা এছ আই আৰ প্ৰক্ৰিয়া বাতিল আৰু ভৱিষ্যতৰ সকলো লোকসভা তথা বিধানসভা নিৰ্বাচন বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত কৰা।

প্ৰদেশ কংগ্ৰেছৰ মাধ্যম বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই জনোৱা মতে, ২৬ নৱেম্বৰৰ পুৱা ১১ বজাত গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এই পদযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব। সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ কোঁৱৰ আৰু সম্পাদক ঘন চুতীয়াও উপস্থিত থাকে।