কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীক লৈ এখন গ্ৰন্থ ৰচনা কৰাৰ কথা ঘোষণা কৰিছে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই। ছোনিয়া গান্ধীৰ ৰাজনৈতিক জীৱন আৰু কংগ্ৰেছৰ সৈতে জড়িত বিভিন্ন ঐতিহাসিক ঘটনাক সামৰি এই গ্ৰন্থখন লিখা হ'ব বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰিছে। শনিবাৰে সামাজিক মাধ্যম এক্সৰ এটা প'ষ্টযোগে তেওঁ এই কথা জনায়।

নিশিকান্ত ডুবেই উল্লেখ কৰে যে এই গ্ৰন্থখন কেৱল ছোনিয়া গান্ধীক উদ্দেশ্যি কৰা কোনো আক্ৰমণাত্মক লেখা নহয়, বৰঞ্চ তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ এক বিস্তৃত তথ্যভিত্তিক বিৱৰণহে হ'ব। গ্ৰন্থখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ উত্তৰ বিচৰা হ'ব বুলি উল্লেখ কৰি তেওঁ ১০টা প্ৰশ্নৰ এখন তালিকাও ৰাজহুৱা কৰে।

সাংসদগৰাকীয়ে উত্থাপন কৰা প্ৰশ্নসমূহৰ ভিতৰত আছে— ছোনিয়া গান্ধী কেনেকৈ মাৰুতিৰ মালিক হৈছিল, নেচনেল হেৰাল্ড কেনেকৈ ক্ৰয় কৰা হৈছিল, ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰীতকৈ ছোনিয়া গান্ধীৰ প্ৰভাৱ অধিক আছিল নেকি আৰু বফৰ্ছ কেলেংকাৰীৰ প্ৰকৃত সত্য কি আছিল।

ইয়াৰ উপৰিও মানেকা গান্ধী আৰু ছোনিয়া গান্ধীৰ মাজত সংঘাতৰ কাৰণ, প্ৰধানমন্ত্ৰীৰ সলনি নিজ পৰিয়ালৰ সৈতে ছোনিয়া গান্ধীয়ে চীনৰ অলিম্পিকলৈ যোৱাৰ আঁৰৰ ঘটনা, প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও আৰু ছোনিয়া গান্ধীৰ মাজৰ মতানৈক্যৰ কাৰণ আদি বিষয়ো গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ডুবেই জনায়।

তালিকাত থকা আন কেইটামান প্ৰশ্নৰ ভিতৰত আছে— ১৯৯৯ চনত কোনগৰাকী কংগ্ৰেছ নেতাই ছোনিয়া গান্ধীক প্ৰতাৰণা কৰিছিল, প্ৰাক্তন কংগ্ৰেছ সভাপতি সীতাৰাম কেছৰীৰ ধুতিক লৈ কি ঘটনা ঘটিছিল আৰু ৰাহুল গান্ধী তথা প্ৰিয়ংকা গান্ধীৰ ভিতৰত ৰাজনৈতিকভাৱে ছোনিয়া গান্ধীয়ে কাক অধিক পছন্দ কৰে।

উল্লেখ্য যে মাৰুতিৰ সৈতে ছোনিয়া গান্ধীৰ সম্পৰ্কক লৈ ইয়াৰ পূৰ্বেও প্ৰশ্ন উত্থাপন কৰিছিল বিজেপি সাংসদগৰাকীয়ে। তেওঁৰ দাবী অনুসৰি, ছোনিয়া গান্ধী মাৰুতিৰ পৰিচালন সঞ্চালক আৰু ৫০ শতাংশ অংশীদাৰ আছিল। ১৯৭০ চনত সঞ্জয় গান্ধীয়ে ছোনিয়া গান্ধীৰ সৈতে জড়িত মাৰুতি টেকনিকেল চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ সৈতে এক চুক্তি কৰা বুলিও তেওঁ অভিযোগ কৰে।

ডুবেই লগতে প্ৰশ্ন তোলে যে ১৯৭০ চনত প্ৰতিষ্ঠা হোৱা মাৰুতিয়ে ১৯৬৮ চনতে কেনেকৈ গাড়ী নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে মাৰুতিৰ মালিকীস্বত্ব আৰু ছোনিয়া গান্ধীৰ সৈতে কোম্পানীটোৰ সম্পৰ্কক লৈ সাংসদগৰাকীয়ে কৰা দাবীবোৰ তেওঁৰ নিজা ব্যক্তিগত অভিযোগহে।

ইপিনে, এই বহুল চৰ্চিত গ্ৰন্থখন কেতিয়া প্ৰকাশ পাব, সেই সন্দৰ্ভত বিজেপি সাংসদগৰাকীয়ে এতিয়ালৈকে কোনো নিৰ্দিষ্ট সময়সূচী ঘোষণা কৰা নাই।