জেৰুজালেম, ২২ নৱেম্বৰ: ইজৰাইলত নতুন চৰকাৰ গঠনক লৈ ৰাজনৈতিক তৎপৰতা তীব্ৰতৰ হৈ পৰিছে। দেশখনত পৰৱৰ্তী চৰকাৰ গঠনৰ দায়িত্ব লাভ কৰা প্ৰাক্তন সেনা প্ৰধান গাডি আইজেনকটে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সোঁপন্থী লিকুড দলক মিত্ৰজোঁট গঠনৰ আলোচনালৈ আমন্ত্ৰণ জনাইছে।

আইজেনকটৰ নেতৃত্বাধীন মধ্যপন্থী য়াশ্বাৰ দলে শনিবাৰে এই কথা প্ৰকাশ কৰে। দেওবাৰৰ পৰা আৰম্ভ হ'বলগীয়া এই আলোচনাক এক সৰ্ববৃহৎ চৰকাৰ গঠনৰ প্ৰতি থকা আন্তৰিক প্ৰতিশ্ৰুতিৰ প্ৰতিফলন বুলি দলটোৱে অভিহিত কৰে। যোৱা অক্টোবৰ মাহত অনুষ্ঠিত ইজৰাইলৰ নিৰ্বাচনত কোনো এটা ৰাজনৈতিক মিত্ৰজোঁটেই স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰাত আইজেনকটক নতুন চৰকাৰ গঠনৰ বাবে অহা মাহলৈকে সময় দিয়া হৈছে।

ইফালে, চৰকাৰ গঠনৰ সমীকৰণক লৈ আইজেনকটৰ নিজৰ শিবিৰৰ ভিতৰতে মতভেদ দেখা দিছে। অতি-অৰ্থডক্স আৰু আৰব সংখ্যাগৰিষ্ঠ দলসমূহৰ সৈতে মিত্ৰতা কৰা হ'ব নে নেতানিয়াহুৰ শিবিৰৰ সৈতে ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ গঠন কৰা হ'ব, তাক লৈ দ্বিধাদ্বন্দ্ব অব্যাহত আছে। ইয়াৰ মাজতে শনিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী নাফটালি বেনেটে আইজেনকটৰ নেতৃত্বত ‘ইহুদী জাতীয় ঐক্য চৰকাৰ’ গঠনৰ আহ্বান জনাই কয় যে তেওঁৰ দলে নেতানিয়াহু অথবা তেওঁৰ ৰাজনৈতিক শিবিৰৰ সৈতে কোনো মিত্ৰতা নকৰে।

আনহাতে, ইজৰাইলৰ নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত নেতানিয়াহুৱেও ৰাষ্ট্ৰীয় ঐক্য চৰকাৰৰ পোষকতা কৰি আহিছে। আইজেনকটৰ শিবিৰৰ সৈতে চৰকাৰ গঠনৰ বাবে লিকুড দলে কেইবাটাও চৰ্ত আগবঢ়াইছে। ইয়াৰ ভিতৰত নেতানিয়াহুৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰমণ আৰু ৰাজনৈতিক বৰ্জন বন্ধ কৰা, ইজৰাইলক ইহুদী জনগোষ্ঠীৰ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া, পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ বিৰোধিতা কৰা, ছিৰিয়া, লেবানন আৰু গাজাত নিৰাপত্তা অঞ্চল বজাই ৰখা আৰু সেনাবাহিনীত অতি-অৰ্থডক্স সম্প্ৰদায়ৰ নিয়োগ সন্দৰ্ভত সহমত গঠন কৰা অন্যতম। লিকুড দলে এনে ঐক্য চৰকাৰত আৰব দলসমূহক অন্তৰ্ভুক্ত নকৰাৰ কথাও স্পষ্ট কৰিছে।

উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণক ‘সন্ত্ৰাসবাদী আক্ৰমণ’ বুলি অভিহিত নকৰাৰ অভিযোগ তুলি নেতানিয়াহু আৰু তেওঁৰ মিত্ৰসকলে আৰব দলসমূহক সমালোচনা কৰি আহিছে। অৱশ্যে আৰব দলসমূহৰ সকলো নেতাই সেই আক্ৰমণক গৰিহণা দিছে।

চৰকাৰ গঠনৰ এই আলোচনা দীঘলীয়া হ'বলৈ দিয়া নহ'ব বুলি আইজেনকটে প্ৰতিশ্ৰুতি দিছে। এনে বিস্তৃত ভিত্তিৰ চৰকাৰ গঠনৰ প্ৰচেষ্টা বিফল হ'লে সংসদত এক সংখ্যালঘু ৰাষ্ট্ৰীয় জৰুৰীকালীন চৰকাৰৰ প্ৰস্তাৱ ভোটদানৰ বাবে উত্থাপন কৰিবলৈও তেওঁ সাজু বুলি সদৰী কৰিছে।