ডিগবৈ চাৰিআলি বজাৰৰ মাজমজিয়াত অৱস্থিত খোৱাৰ সু-ব্যৱস্থা থকা হোটেল চানচিটিত আজি সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। হোটেলখনৰ পাকঘৰৰ চিমনীৰ প্ৰকাণ্ড বৈদ্যুতিক একজষ্ট ফেনত জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংলগ্ন, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু জনবসতি পূৰ্ণ এলেকাত অগ্নিকাণ্ডৰ ঘটনাক লৈ শংকিত হৈ পৰে ব্যৱসায়ী আৰু বাসিন্দা সকল। স্থানীয় লোকৰ তৎপৰতা, আই অ চি অগ্নি নিৰ্বাপন বাহিনী আৰু মাৰ্ঘেৰিটাৰ অসম ৰাজ্যিক অগ্নি নিৰ্বাপন বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অত্যন্ত ব্যস্ততা পূৰ্ণ ব্যৱসায়িক এলেকাৰ লগতে জনবসতি পূৰ্ণ স্থানত অগ্নিকাণ্ড ঘটনা প্ৰত্যক্ষ কৰি জনসাধাৰণৰ মাজত হুৱাদুৱা লগা পৰিলক্ষিত হয়। তদুপৰি কাষতে থকা কেইবাটাও বৃহৎ বৃহৎ অট্টালিকা, ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জুই বিয়পি নপৰাত সৌভাগ্য ক্ৰমে কথমপি ৰক্ষা পৰে ডিগবৈ চাৰিআলি বজাৰৰ লগতে ঐতিহাসিক ডিগবৈ চহৰখন।