শিলচৰ, ২৩ নৱেম্বৰ: শিলচৰ চহৰত এগৰাকী ৯ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৩৭ বছৰীয়া ৰাহুল ৰায় ওৰফে ৰাজু ৰায় নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে। অভিযুক্ত ব্যক্তিজনৰ সৈতে শিশুটিৰ মাতৃৰ প্ৰায় দুবছৰ ধৰি ঘনিষ্ঠ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত শিশুটিৰ মাতৃয়ে ৰাঙিৰখাৰী আৰক্ষী থানাত ইতিমধ্যে এখন লিখিত এজাহাৰ দাখিল কৰিছে। এজাহাৰ অনুসৰি, যোৱা ৯ নৱেম্বৰত সংঘটিত হোৱা বুলি কোৱা ঘটনাটোৰ পাছত ১১ নৱেম্বৰত তেওঁ আৰক্ষীৰ কাষ চাপিছিল।

মাতৃগৰাকীৰ ভাষ্য অনুসৰি, অভিযুক্তজনৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছিল। সেই সূত্ৰে অভিযুক্ত ব্যক্তিজন পৰিয়ালটোৰ অতি ঘনিষ্ঠ হৈ পৰিছিল আৰু শিশুটিয়েও তেওঁক পিতৃ বুলি সম্বোধন কৰিছিল। কিন্তু এই ঘনিষ্ঠতাৰ সুযোগ লৈ অভিযুক্তই শিশুটিক একাধিকবাৰ নিৰ্যাতন চলাইছিল বুলি মাতৃগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটাত মাতৃয়ে সোধা-পোছা কৰাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে। ঘটনাটোৰ সৈতে জড়িত কিছুমান ভিডিঅ’ ৰেকৰ্ডিং থকাৰ কথাও মাতৃগৰাকীয়ে প্ৰকাশ কৰিছে।

ইফালে, থানাত এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে যথোচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে পৰিয়ালটোৱে। শিশুটিক প্ৰয়োজনীয় চিকিৎসা পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰা হোৱা নাই বুলি পৰিয়ালটোৱে দাবী কৰে।

ইয়াৰ পাছতে বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যসকলৰ সৈতে মাতৃগৰাকীয়ে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ)ক সাক্ষাৎ কৰি আন এখন স্মাৰক-পত্ৰ দাখিল কৰে। আৰক্ষী বিষয়াগৰাকীয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিছে বুলি সংগঠনটোৰ এগৰাকী সদস্যই জানিবলৈ দিয়ে। আনহাতে, এই অভিযোগসমূহ সম্প্ৰতি আৰক্ষীৰ তদন্তাধীন অৱস্থাত আছে।