গুৱাহাটী, ২২ নৱেম্বৰ: গুৱাহাটী বিশ্ববিদ্যালয়ত অহা ২৩ নৱেম্বৰৰ সোমবাৰে দশম ড° অনামিকা ৰয় স্মাৰক বক্তৃতা ২০২৬ অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়খনৰ পিডি হলত আবেলি ২ বজাত আয়োজিত এই অনুষ্ঠানত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই স্মাৰক বক্তৃতা প্ৰদান কৰিব।
বক্তৃতাৰ মূল বিষয়বস্তু হৈছে ‘ভাৰতৰ ঐতিহাসিক মানৱতাবাদৰ পৰা বিশ্বজনীন মানৱতাবাদলৈ এক সেতু হিচাপে ভূপেন হাজৰিকা’ (Bhupen Hazarika as a Bridge Between the Historical Humanism of India to a Global, Universal Humanism)। ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এই বিষয়টো নিৰ্বাচন কৰা হৈছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই অনুষ্ঠানটো উদ্বোধন কৰিব। অনুষ্ঠানত সভাপতিত্ব কৰিব ড° অনামিকা ৰয় মেম'ৰিয়েল ট্ৰাষ্টৰ অধ্যক্ষ ৰজত বৰণ মহন্তই। উল্লেখযোগ্য যে তেজ হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে এনে ৰাজহুৱা বক্তৃতা প্ৰদান কৰিব।
ড° অনামিকা ৰয় মেম'ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী ভাষা শিক্ষণ বিভাগ, যোগাযোগ আৰু সাংবাদিকতা বিভাগ তথা ড° ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
২০১৫ চনত গুৱাহাটীত প্ৰতিষ্ঠা হোৱা ড° অনামিকা ৰয় মেম'ৰিয়েল ট্ৰাষ্ট হৈছে নীতি আয়োগৰ অধীনত পঞ্জীয়নভুক্ত এটা শিক্ষামূলক আৰু গৱেষণাধৰ্মী ন্যাস। প্ৰতিষ্ঠানটোৱে ২০১৭ চনৰ পৰা প্ৰতিবছৰে এই স্মাৰক বক্তৃতাৰ আয়োজন কৰি আহিছে। ইয়াৰ উপৰি ন্যাসটোৱে চিকিৎসা সন্ত্ৰাসবাদ বিৰোধী আন্দোলন চলাই ৰোগীৰ অধিকাৰ সুৰক্ষা আৰু স্বাস্থ্যৰ অধিকাৰক সংবিধানৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়াৰ দিশত কাম কৰি আহিছে।