শিৱসাগৰ, ২৩ নৱেম্বৰ: ৰাষ্ট্ৰীয় ঘাইপথত বিপজ্জনকভাৱে বাহন ৰখাই থোৱাৰ ফলত হ’ব পৰা পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে শিৱসাগৰত যান-বাহন আৰক্ষীয়ে নিশা এক বিশেষ অভিযান চলায়। শিৱসাগৰ যান-বাহন আৰক্ষীৰ উপ-পৰিদৰ্শক পাৰ্থ সাৰথি বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ঘাইপথৰ বিভিন্ন স্থানত এই অভিযান চলায়।
অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বিপজ্জনকভাৱে ৰখাই থোৱা কেইবাখনো গধুৰ মালবাহী বাহন প্ৰত্যক্ষ কৰে। আনকি কোনো ধৰণৰ পাৰ্কিং লাইট বা ৰিফ্লেক্টৰ নোহোৱাকৈ ঘাইপথত ট্ৰাক ৰখাই চালকসকল ভিতৰত শুই থকাও আৰক্ষীৰ চকুত পৰে।
আৰক্ষীয়ে এনে চালকসকলক জগাই তুলি পথৰ ওপৰত এনেদৰে বাহন ৰখাই থোৱাৰ ভয়াবহ বিপদ সম্পৰ্কে সতৰ্ক কৰি দিয়ে। বিশেষকৈ পিছফালৰ পৰা অহা তীব্ৰবেগী বাহনে পথত ৰৈ থকা ট্ৰাকত খুন্দা মাৰি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰাৰ আশংকা থাকে বুলি চালকসকলক বুজাই দিয়া হয়।
লগে লগে আৰক্ষীৰ দলটোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাহনসমূহ আঁতৰাই নি ওচৰৰ নিৰ্ধাৰিত পাৰ্কিং স্থান নাইবা তেল ডিপোৰ দৰে সুৰক্ষিত স্থানত ৰাখিবলৈ নিৰ্দেশ দিয়ে। ঘাইপথত যান-বাহনৰ চলাচল সুচল কৰা আৰু যাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ লক্ষ্যৰেই এই পদক্ষেপ গ্ৰহণ কৰা হয়।
ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ আৰু বিপজ্জনক পাৰ্কিঙৰ বিৰুদ্ধে যান-বাহন আৰক্ষীয়ে গ্ৰহণ কৰা এই পদক্ষেপক স্থানীয় ৰাইজ আৰু পথচাৰীসকলে আদৰণি জনাইছে।