২২ নৱেন্বৰ ,২০২৬
'জুবিন গাৰ্গৰ পৰিয়ালে সিদ্ধান্তত চৰকাৰৰ ক'বলগীয়া নাই' 'জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে পৰিয়ালক মাহেকীয়া সহায়ৰ প্ৰস্তাৱ দিছিল চৰকাৰে '-মুখ্যমন্ত্রী
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৩ নৱেম্বৰ, ২০২৬ তাৰিখে স্পষ্ট কৰি দিছে যে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ পৰিয়ালে লোৱা কোনো ব্যক্তিগত সিদ্ধান্তত ৰাজ্য চৰকাৰে হস্তক্ষেপ নকৰে। জুবিন গাৰ্গৰ ব্যৱহৃত ৰেঞ্জ ৰ'ভাৰ (Range Rover Velar) গাড়ীখন পৰিয়ালে বিক্ৰী কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহনখন বিক্ৰী কৰাক লৈ চলি থকা চৰ্চাৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিল্পীগৰাকীৰ পৰিয়ালে লোৱা ব্যক্তিগত সিদ্ধান্তত ৰাজ্য চৰকাৰৰ কোনো ক’বলগীয়া নাই বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে জুবিন গাৰ্গৰ পৰিয়ালে তেওঁৰ সম্পৰ্কত যি সিদ্ধান্ত লয়, তাত চৰকাৰৰ কোনো মন্তব্য নাই। এই সিদ্ধান্তৰ আঁৰৰ কাৰণ জানিবলৈ হ’লে পৰিয়ালৰ সৈতেহে কথা পাতিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে চৰকাৰৰ তৰফৰ পৰা পৰিয়ালটোক মাহেকীয়া আৰ্থিক সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সেই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল।
গৰিমা শইকীয়া গাৰ্গে চৰকাৰৰ সাহায্য গ্ৰহণ নকৰি পৰিয়ালটো নিজৰ ব্যৱস্থাৰে চলিব বুলি জনাইছিল আৰু চৰকাৰক ৰাইজৰ আন কামত গুৰুত্ব দিবলৈ আহ্বান জনাইছিল। এই সিদ্ধান্তৰ বাবে গৰিমা গাৰ্গ ধন্যবাদৰ পাত্ৰ বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
সোণাপুৰৰ জুবিন ক্ষেত্ৰত সমাধি নিৰ্মাণ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে তথ্য সদৰী কৰে। তেওঁ কয় যে অহা ডেৰ-দুমাহৰ ভিতৰত সমাধি নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই নিৰ্মাণকাৰ্য প্ৰায় ডেৰ-দুবছৰ ধৰি চলিব আৰু সেই সময়ছোৱাত সমাধিক্ষেত্ৰত বাহন ৰখাৰ কোনো ব্যৱস্থা সম্ভৱ নহ’ব।