গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনত শনিবাৰে সন্ধিয়া এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়। ৰে’ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ সময়ত তাৰ কাষৰ পৰা নগদ ২৫ লাখ টকা জব্দ কৰে।
স্থানীয় ৰাইজে শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ষ্টেচন চৌহদত লোকজনক অচেতন অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে আৰু লগে লগে ৰে’ল আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় ৪১ বছৰীয়া লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে।
মৃতদেহ উদ্ধাৰৰ সময়ত কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত নগদ ২৫ লাখ টকা উদ্ধাৰ হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, মৃত লোকজন শ্ৰীভূমি জিলাৰ বিশ্বজিৎ দেৱনাথ বুলি সন্দেহ কৰা হৈছে। অৱশ্যে পৰিয়ালৰ লোকে এতিয়ালৈকে তেওঁৰ পৰিচয় নিশ্চিত কৰা নাই বুলি জানিব পৰা গৈছে।