২৩ নৱেম্বৰ , ২০২৬

পেকেটজাত খোৱাপানীৰ নিৰ্ধাৰিত সুৰক্ষা মান উলংঘা কৰাৰ অভিযোগত বিছলেৰী ইণ্টাৰনেচনেল প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে আইনী গোচৰ চলোৱাৰ অনুমতি প্ৰদান কৰিছে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফএছএছএআই)। সংস্থাটোৱে সংগ্ৰহ কৰা পানীৰ এটা নিৰ্দিষ্ট নমুনাত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ধৰা পৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

পৰীক্ষাত ধৰা পৰিল ক্ষতিকাৰক পদাৰ্থ

এফএছএছএআইৰ তথ্য অনুসৰি, বিছলেৰীৰ প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা পেকেটজাত খোৱাপানীৰ নমুনা এটাত নিৰ্ধাৰিত সীমাতকৈ অধিক ব্ৰ'মেট পোৱা গৈছিল। ইয়াৰ পিছতে খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ৰ অধীনত উক্ত নমুনাটো 'অসুৰক্ষিত' বুলি ঘোষণা কৰা হয়।

প্ৰতিষ্ঠানটোৱে এই ফলাফলৰ বিৰুদ্ধে আপীল কৰাৰ পাছত নমুনাটো পুনৰ পৰীক্ষাৰ বাবে ৰেফাৰেল ফুড লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু উক্ত পৰীক্ষাগাৰতো পানীৰ নমুনাটোত ক্ষতিকাৰক পলিচাইক্লিক এৰোমেটিক হাইড্ৰ'কাৰ্বন (পিএএইচ) ধৰা পৰে আৰু নমুনাটো খোৱাৰ বাবে অসুৰক্ষিত বুলি প্ৰতিবেদন দিয়া হয়।

বিছলেৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা

ৰেফাৰেল পৰীক্ষাগাৰৰ প্ৰতিবেদনৰ ভিত্তিত খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ৰ অসুৰক্ষিত খাদ্য সম্পৰ্কীয় বিধান উলংঘা কৰাৰ বাবে বিছলেৰী ইণ্টাৰনেচনেল প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে আদালতত গোচৰ তৰাৰ অনুমোদন জনায় নিয়ন্ত্ৰক সংস্থাটোৱে।

অন্যান্য প্ৰতিষ্ঠানৰ বিৰুদ্ধেও ব্যৱস্থা

বিছলেৰীৰ উপৰিও আন কেইবাটাও প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে খাদ্য সুৰক্ষা প্ৰাধিকৰণে। ভাসন্ত মছলা প্ৰাইভেট লিমিটেড, টিট-বিট ফুডছ ইণ্ডিয়া, মিমাঞ্চা ইণ্ডাষ্ট্ৰিজ আৰু আশা কনফেকচনেৰীৰ বিৰুদ্ধেও গোচৰ চলোৱাৰ অনুমতি দিয়া হৈছে। একে সময়তে খাদ্য সুৰক্ষাৰ নীতি উলংঘাৰ বাবে উৰ্মি লাইফছায়েন্সেছ এলএলপি আৰু গৌৰ আয়ুৰ্বেদিক ষ্ট'ৰ নামৰ প্ৰতিষ্ঠান দুটাৰ অনুজ্ঞাপত্ৰ স্থগিত ৰখা হৈছে।

খাদ্য সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ই-কমাৰ্চ সংস্থাসমূহৰ ওপৰত এফএছএছএআইয়ে চলিত বৰ্ষত তীব্ৰ অভিযান চলাই আহিছে। বিশেষকৈ শক্তিবৰ্ধক পানীয় আৰু সুৰাজাতীয় পানীয় প্ৰস্তুতকাৰক সংস্থাসমূহৰ ওপৰতো চোকা নজৰ ৰখা হৈছে।

অৱশ্যে প্ৰাধিকৰণে স্পষ্ট কৰি দিছে যে এই আইনী পদক্ষেপ বিছলেৰীৰ এটা নিৰ্দিষ্ট নমুনা পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰিহে লোৱা হৈছে। ইয়াৰ অৰ্থ এইটো নহয় যে সমগ্ৰ দেশত বিছলেৰী পানীৰ বিক্ৰী বন্ধ কৰা হৈছে বা বজাৰত থকা সকলো বটলৰ পানী অসুৰক্ষিত। গ্ৰাহকসকলক পানী ক্ৰয় কৰাৰ সময়ত বটলৰ ছীল, লেবেল, উৎপাদনৰ তাৰিখ, বেটছ নম্বৰ আৰু আইএছআই চিহ্ন পৰীক্ষা কৰি ল'বলৈ আহ্বান জনোৱা হৈছে।