নতুন দিল্লী, ২৩ নৱেম্বৰ:
নতুন দিল্লীৰ দ্বাৰকাত তৃতীয়টো অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ৪ মহলীয়া নতুন অসম হাউছত অতিথিৰ বাবে দুটা অত্যাধুনিক কোঠা আছে VIPৰ বাবে। দ্বাৰকাৰ চেক্টৰ ১৭ত বিশাল পৰিসৰত চতুৰ্থটো অসম ভৱনো নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ
ৰাজধানী দিল্লীলৈ যোৱা অসমৰ লোকসকলৰ সুবিধাৰ্থে নতুন দিল্লীৰ দ্বাৰকা ছেক্টৰ-১৩ত নৱনিৰ্মিত অসম হাউছৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। চিকিৎসা, শিক্ষা আৰু চৰকাৰী কাম-কাজৰ বাবে দিল্লীলৈ যোৱা অসমৰ ৰাইজক সুচলভাৱে থকাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে এই ভৱনটো নিৰ্মাণ কৰা হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, প্ৰায় ২২ কোটি টকা ব্যয়েৰে এই অত্যাধুনিক অসম হাউছ নিৰ্মাণ কৰা হৈছে। পাঁচমহলীয়া এই ভৱনটোত তিনিটা বেছমেণ্ট, এটা গ্ৰাউণ্ড ফ্ল’ৰ আৰু চাৰিটা মহলা আছে। ভৱনটোৰ মুঠ নিৰ্মিত এলেকা হৈছে ২,৬১০ বৰ্গমিটাৰ।
দ্বাৰকাৰ ছেক্টৰ-১৩ৰ প্লট নম্বৰ ১০ত অৱস্থিত এই ভৱনটোৰ জৰিয়তে বিশেষকৈ শিক্ষাৰ্থী আৰু চিকিৎসাৰ বাবে দিল্লীত থাকিবলগীয়া ৰোগীসকলে বিশেষ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
দিল্লীত নিৰ্মাণ হ'ব চতুৰ্থটো অসম ভৱন
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে দ্বাৰকাৰ এই ভৱনটো দিল্লীত অসমৰ তৃতীয়টো অসম ভৱন। ইয়াৰ উপৰি চৰ্দাৰ পেটেল মাৰ্গত থকা পুৰণি অসম ভৱনটোৰ নৱনিৰ্মাণৰ কাম চলি আছে আৰু এই বছৰৰ ভিতৰতে ই সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে দ্বাৰকাৰ ছেক্টৰ-১৭ত অসমৰ চতুৰ্থটো অসম ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। অহা ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ পৰা ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ লক্ষ্য লোৱা হৈছে। দ্বাৰকাৰ অসম হাউছৰ কাষতে কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰ নিৰ্মাণৰ কামো চলি আছে।
দ্বাৰকাৰ পৰা নতুন দিল্লীৰ বিভিন্ন চৰকাৰী কাৰ্যালয়লৈ যাতায়াতৰ সুবিধাৰ বাবে অসম হাউছৰ পৰা এখন বাছ চলোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। এই বাছখনে পুৱা যাত্ৰীসকলক লৈ যাব আৰু সন্ধিয়া প্ৰায় ৬ বজাত পুনৰ ঘূৰাই আনিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।