নতুন দিল্লী, ২৩ নৱেম্বৰ: বিগত চাৰি বছৰত সমগ্ৰ বিশ্বতে ইন্ধনৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ সময়তো ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য মাত্ৰ ৭ শতাংশহে বাঢ়িছে বুলি দাবী কৰিছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। একে সময়ছোৱাত বিশ্বৰ অন্যান্য দেশসমূহত ইন্ধনৰ মূল্য ৫০ৰ পৰা ৭০ শতাংশলৈ বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে।
দেওবাৰে ইন্দোৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত শক্তিৰ মূল্য বৃদ্ধি পোৱা সত্ত্বেও ভাৰত চৰকাৰৰ সঠিক নীতিৰ বাবেই পেট্ৰ’ল-ডিজেলৰ মূল্য যথেষ্ট নিয়ন্ত্ৰণত ৰাখিব পৰা গৈছে।
কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপসমূহৰ কথা উল্লেখ কৰি পুৰীয়ে কয় যে ২০২১ চনৰ নৱেম্বৰ, ২০২২ চনৰ মে’ আৰু ২০২৬ চনৰ ১০ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে তিনিবাৰকৈ পেট্ৰ’ল-ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰিছে। এই শুল্ক কৰ্তনৰ ফলত বিশ্ব বজাৰৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ পোনপটীয়াকৈ দেশৰ গ্ৰাহকসকলৰ ওপৰত পৰা নাই বুলি তেওঁ দাবী কৰে।
ইয়াৰ উপৰি দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহ ক্ৰমে বিপিচিএল, আইঅ'চিএল আৰু এইচপিচিএলে গ্ৰাহকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা কমোৱাৰ বাবে মূল্যবৃদ্ধিৰ কিছু অংশ নিজেই বহন কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়। লোকচানৰ সন্মুখীন হৈও এই প্ৰতিষ্ঠানসমূহে গ্ৰাহকৰ স্বাৰ্থত এনে ভূমিকা লৈছে বুলি তেওঁ কয়।
দেশত ৰন্ধন গেছ অৰ্থাৎ এলপিজিৰ নাটনি সন্দৰ্ভত উত্থাপিত অভিযোগো খাৰিজ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ জনায় যে দেশৰ তেল কোম্পানীসমূহে দৈনিক এলপিজি উৎপাদন ৩৪ হাজাৰ মেট্ৰিক টনৰ পৰা ৫৫ হাজাৰ মেট্ৰিক টনলৈ বৃদ্ধি কৰিছে। দেশৰ ১.০৭ লাখ খুচুৰা বিক্ৰী কেন্দ্ৰৰ জৰিয়তে নিয়মীয়াকৈ ইন্ধন আৰু গেছ যোগান অব্যাহত ৰখা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে ইন্ধনৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এতিয়াও প্ৰত্যাহ্বান অব্যাহত আছে বুলি স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইৰাণ, আমেৰিকা তথা ইজৰাইলৰ সংঘাতৰ পৰিস্থিতি শান্ত হ'লে খাৰুৱা তেলৰ মূল্যও হ্ৰাস পাব বুলি তেওঁ আশা প্ৰকাশ কৰে।