গুৱাহাটী, ২৩ নৱেম্বৰ:
আজি সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান দিৱস। সংবিধান গ্ৰহণৰ ৮০ বছৰ উপলক্ষে সৰুসজাইত কেন্দ্ৰীয় প্ৰতিনিধি সন্মিলন। প্ৰথমবাৰৰ বাবে সৰুসজাইত অনুষ্ঠিত হৈছে আছুৰ কেন্দ্ৰীয় প্ৰতিনিধি সভা।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমৱেত হৈছে ছাত্ৰ সন্থাৰ প্ৰতিনিধি-কৰ্মী।
সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) সংবিধান গ্ৰহণৰ ৬০ বছৰ পূৰ্তি উপলক্ষে বছৰজোৰা কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে। আজি গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সংগঠনটোৰ কেন্দ্ৰীয় প্ৰতিনিধি সন্মিলনৰ লগতে এই শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিছে।
১৯৬৭ চনৰ ৮ আগষ্টত অনুষ্ঠিত তেজপুৰ অধিৱেশনত আছুৰ সংবিধান আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল। এই ঐতিহাসিক দিনটোৰ ৬০ বছৰ পূৰ্তিৰ কাৰ্যসূচী পূৰ্বতে ৮ আগষ্টৰ পৰাই আৰম্ভ কৰাৰ পৰিকল্পনা আছিল যদিও শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবে এই উদযাপন পিছুৱাই দিয়া হৈছিল।
সংবিধান গ্ৰহণৰ হীৰক জয়ন্তী উপলক্ষে বছৰজুৰি ব্যৱহাৰ কৰিবলগীয়া এক বিশেষ ল'গ' আজিৰ এই কেন্দ্ৰীয় প্ৰতিনিধি সন্মিলনত উন্মোচন কৰা হ'ব। অনুষ্ঠানলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা আৰু নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকাক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।
আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে জনোৱা মতে, এই সন্মিলনৰ জৰিয়তে সংগঠনটোক আগন্তুক দিনত অধিক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰা হ'ব। সংবিধান গ্ৰহণৰ ৬০ বছৰ পূৰ্তি উপলক্ষে বছৰজুৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে।
উল্লেখ্য যে ১৯১৬ চনত অসম ছাত্ৰ সন্মিলন গঠনৰ পৰা আৰম্ভ হোৱা ঐতিহাসিক যাত্ৰাৰ অন্তত ১৯৬৭ চনত সংবিধান গ্ৰহণৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাই এক পূৰ্ণাংগ সাংগঠনিক ৰূপ লাভ কৰিছিল।