গুৱাহাটী, ২৩ নৱেম্বৰ: বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিৰ নিৰ্দেশনা কাৰ্যকৰী কৰা আৰু দীৰ্ঘদিনীয়া বিভিন্ন দাবী পূৰণৰ দাবীত সোমবাৰৰ পৰা ৰাজ্যজুৰি দ্বিতীয় পৰ্যায়ৰ আন্দোলন আৰম্ভ কৰিছে অসম কলেজ শিক্ষক সংস্থাই (আক্টা)। এই আন্দোলনৰ অংশ হিচাপে শিক্ষক সংগঠনটোৱে সমগ্ৰ ৰাজ্যতে অসহযোগ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

আন্দোলনৰ অংশস্বৰূপে গুৱাহাটীৰ চচলত পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই প্ৰতিবাদৰ জৰিয়তে কলেজ শিক্ষকসকলৰ কৰ্ম পৰিৱেশ আৰু শৈক্ষিক ক্ষেত্ৰৰ সৈতে জড়িত দীৰ্ঘদিনীয়া সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় সংগঠনটোৱে।

আক্টাই অভিযোগ কৰা অনুসৰি, অসম চৰকাৰে কলেজ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। যাৰ ফলত শিক্ষকসকলে নিজৰ ন্যায্য প্ৰাপ্যৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হ'বলগীয়া হৈছে বুলি সংগঠনটোৱে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

ইউজিচিৰ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ লগতে শিক্ষকসকলৰ কৰ্ম পৰিৱেশ আৰু শৈক্ষিক দিশৰ বিভিন্ন সমস্যা সমাধানৰ দাবী জনাই সংগঠনটোৱে কয় যে চৰকাৰৰ এনে উদাসীন ভূমিকাৰ বাবেই এই দ্বিতীয় পৰ্যায়ৰ অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে। ইফালে শিক্ষকসকলৰ এই সমস্যাসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈকো আহ্বান জনায় সংগঠনটোৱে।