৩ নৱেম্বৰ: অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ১৪ বছৰ ধৰি অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰাৰ পিছত ৩৮ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সামৰণি ঘটালে ক্ৰিকেটাৰগৰাকীয়ে।

অষ্ট্ৰেলিয়াৰ হৈ তিনিওটা ফৰ্মেটতে খেলিছিল মেক্সৱেলে। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত আছে ৭খন Test, ১৪৯খন ODI আৰু ১৩০খন T20I। তিনিওটা ফৰ্মেট মিলাই তেওঁ সংগ্ৰহ কৰিছে ৭,২২৬ ৰান আৰু দখল কৰিছে ১৩৬টা উইকেট।

২০১২ চনৰ ২৫ আগষ্টত শ্বাৰজাহত আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটিছিল মেক্সৱেলৰ। সেই বছৰতে পাকিস্তানৰ বিৰুদ্ধে T20I অভিষেক ঘটোৱাৰ পিছত ২০১৩ চনৰ মাৰ্চ মাহত ভাৰতৰ বিৰুদ্ধে হায়দৰাবাদত Test ক্ৰিকেটত অভিষেক ঘটিছিল তেওঁৰ।

মেক্সৱেলৰ কেৰিয়াৰৰ অন্যতম স্মৰণীয় অধ্যায় ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে ২৯২ ৰানৰ লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়া ৯১ ৰানতে ৭টা উইকেট হেৰুৱাই বিপদত পৰিছিল। এনে পৰিস্থিতিত পেশীৰ বিষত ভুগিও মেক্সৱেলে ১২৮টা বলত অপৰাজিত ২০১ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি দলক জয়ৰ মুখ দেখুৱাইছিল। পেট কামিন্সৰ সৈতে তেওঁ অষ্টম উইকেটত ২০২ ৰানৰ অবিভক্ত যুটি বান্ধিছিল।

২০১৫ আৰু ২০২৩ চনত এদিনীয়া বিশ্বকাপ জয় কৰা অষ্ট্ৰেলিয়া দলৰ সদস্য আছিল মেক্সৱেল। ২০২১ চনৰ T20 বিশ্বকাপ বিজয়ী দলতো আছিল তেওঁ।

ইয়াৰ পূৰ্বে ২০২৫ চনৰ জুন মাহত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল মেক্সৱেলে। ২০২৬-২৭ বৰ্ষৰ বাবে Cricket Australia-ৰ কেন্দ্ৰীয় চুক্তিৰ তালিকাতো তেওঁৰ নাম নাছিল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ওমানৰ বিৰুদ্ধে T20 বিশ্বকাপৰ Super Eight মেচখনেই আছিল অষ্ট্ৰেলিয়াৰ হৈ তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি আহিলেও ফ্ৰেঞ্চাইজি ক্ৰিকেট অব্যাহত ৰাখিব মেক্সৱেলে। Big Bash League-ত Melbourne Stars-ৰ সৈতে ২০২৬-২৭ ছিজনৰ শেষলৈকে তেওঁৰ চুক্তি আছে।