পুনৰ বিতৰ্কত বাগেশ্বৰ ধামৰ পীঠাধীশ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী। ভগৱান শ্ৰীৰামৰ সৈতে তুলনা কৰি ভগৱান শ্ৰীকৃষ্ণক লৈ কৰা মন্তব্যৰ পাছতে সৃষ্টি হোৱা বিতৰ্কৰ বাবে অৱশেষত ক্ষমা খুজিলে বাগেশ্বৰ বাবাই।

মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ কেৰাৰাত অনুষ্ঠিত ৰামকথাৰ অনুষ্ঠানত শ্ৰীকৃষ্ণৰ ৰূপ, ভংগীমা আৰু বাঁহী বজোৱাৰ ধৰণক লৈ মন্তব্য কৰিছিল ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে। সেই ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে বিভিন্ন ধৰ্মীয় সংগঠন আৰু সাধু-সন্তই আপত্তি প্ৰকাশ কৰে।

‘আমাৰ ৰাম পোন, তোমালোকৰ কৃষ্ণ বেঁকা’

অনুষ্ঠানটোত ৰাম আৰু কৃষ্ণৰ তুলনা কৰি ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে কৈছিল, ‘আমাৰ ৰামচন্দ্ৰ পোন আৰু সৰল, কিন্তু তোমালোকৰ কৃষ্ণ বেঁকা।’

ইয়াৰ পাছতে শ্ৰীকৃষ্ণৰ থিয় হোৱাৰ ভংগীমা, মূৰ আৰু বাঁহী বজোৱাৰ ধৰণক লৈও মন্তব্য কৰে তেওঁ।

শ্ৰীকৃষ্ণৰ তিনিটা স্থানত শৰীৰ বেঁকা কৰি থিয় হোৱা ভংগীমাক লৈ কৰা এই মন্তব্যই বিতৰ্কৰ সূত্ৰপাত ঘটায়।

মথুৰা-বৃন্দাবনৰ সাধু-সন্তৰ আপত্তি

ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে মথুৰা আৰু বৃন্দাবনৰ একাংশ সাধু-সন্তই ধীৰেন্দ্ৰ শাস্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰে।

ৰাম আৰু কৃষ্ণ দুয়োকে একেজন পৰমেশ্বৰৰ ৰূপ হিচাপে পূজা কৰা হয় বুলি উল্লেখ কৰি এনেদৰে তুলনা কৰাটো অনুচিত বুলি মত প্ৰকাশ কৰে তেওঁলোকে।

শ্ৰীকৃষ্ণৰ ভক্তসকলৰ ধৰ্মীয় অনুভূতিত আঘাত লাগিব পাৰে বুলি আশংকা প্ৰকাশ কৰি ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ দাবী জনোৱা হৈছিল।

ভিডিঅ’ বাৰ্তাযোগে ক্ষমা প্ৰাৰ্থনা

বিতৰ্ক তীব্ৰ হোৱাৰ পাছত সোমবাৰে এটা ভিডিঅ’ বাৰ্তাযোগে নিজৰ বক্তব্যৰ ব্যাখ্যা আগবঢ়ায় ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে।

তেওঁৰ দাবী, সম্পূৰ্ণ ভিডিঅ’ নোচোৱাকৈ এটা অংশ কাটি প্ৰচাৰ কৰাৰ ফলতে ভুল বুজাবুজিৰ সৃষ্টি হৈছে।

শ্ৰীকৃষ্ণক অপমান কৰা বা ৰাম আৰু কৃষ্ণৰ মাজত পাৰ্থক্য সৃষ্টি কৰাৰ কোনো উদ্দেশ্য তেওঁৰ নাছিল বুলি স্পষ্ট কৰে বাগেশ্বৰ বাবাই।

তেওঁ কয়, ব্ৰজৰ ভক্তি-পৰম্পৰাত গোপীসকলে মৰম আৰু অভিমানৰ সুৰত শ্ৰীকৃষ্ণক বিভিন্ন নামেৰে সম্বোধন কৰিছিল। সন্ত-মহাত্মাসকলৰ ভক্তিমূলক ৰচনাতো এনে প্ৰকাশভংগী দেখা যায়।

‘ময়ো শ্ৰীকৃষ্ণৰ ভক্ত’

ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে নিজকে শ্ৰীকৃষ্ণৰ ভক্ত আৰু ব্ৰজৰ অনুৰাগী বুলি উল্লেখ কৰে।

তেওঁৰ মন্তব্য, শ্ৰীকৃষ্ণৰ জন্মভূমিৰ বিষয়তো তেওঁ পূৰ্বৰে পৰা মাত মাতি আহিছে।

তেওঁ কয়, ‘মোৰ কথাই কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে যদি মই আন্তৰিকভাৱে ক্ষমা বিচাৰিছোঁ।’

পূৰ্বেও বিতৰ্কত সোমাইছিল বাগেশ্বৰ বাবা

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও পশ্চিমবংগৰ হাওৰাৰ লিলুৱাত অনুষ্ঠিত হনুমান কথাৰ অনুষ্ঠানত কৰা মন্তব্যক লৈ বিতৰ্কত সোমাইছিল ধীৰেন্দ্ৰ শাস্ত্ৰী।

নৱৰাত্ৰিৰ সময়ত পূজাৰ মণ্ডপৰ কাষত আমিষ খাদ্য বিক্ৰী কৰা আৰু খোৱাৰ বিষয়টোক লৈ আপত্তি প্ৰকাশ কৰিছিল তেওঁ।

সেই সময়তো তেওঁৰ মন্তব্যক লৈ ৰাজনৈতিক আৰু সামাজিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এতিয়া শ্ৰীকৃষ্ণক লৈ কৰা মন্তব্যৰ বাবে ক্ষমা বিচৰাৰ পাছত বিতৰ্কৰ অৱসান ঘটে নে নঘটে, সেয়া লক্ষণীয়।