৩ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী শক্তিৰ সহায়ত ক্ষমতাত থকাৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে। ৰাহুল গান্ধীৰ বক্তব্যক কটাক্ষ কৰি ৰিজিজুৱে কয় যে ইছলামিক মৌলবাদীয়ে ধৰ্মনিৰপেক্ষতাৰ কথা কোৱাৰ দৰে, বিচ্ছিন্নতাবাদীয়ে ভাৰতীয় পতাকা লৈ ফুৰাৰ দৰে আৰু অৰাজকতাবাদীয়ে সংবিধানৰ কিতাপ দেখুওৱাৰ দৰে কথা কৈছে ৰাহুল গান্ধীয়ে। তেওঁৰ অভিযোগ, ৰাহুল গান্ধীয়ে ভাৰতৰ শত্ৰুৰ স্বাৰ্থৰ সৈতে মিল থকা বক্তব্য আগবঢ়াইছে।
মঙলবাৰে সামাজিক মাধ্যম X-ত দিয়া এটা পোষ্টত ৰিজিজুৱে ৰাহুল গান্ধীৰ বিদেশী সহায়ৰ অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মুকলি বিতৰ্কৰ বাবে ৰাহুল গান্ধীয়ে জনোৱা প্ৰত্যাহ্বানকো তেওঁ নাকচ কৰে। ৰিজিজুৰ মতে, উচ্চ পৰ্যায়ৰ বিতৰ্ক পৰিপক্ব ব্যক্তিৰ মাজতহে অনুষ্ঠিত হয়।
ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰী মোদী বিদেশী সহায়ৰ জৰিয়তে ক্ষমতালৈ আহিছিল আৰু এতিয়াও বিদেশী শক্তিৰ সমৰ্থনতে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে। তেওঁৰ দাবী, ভাৰতৰ বিত্তীয় ব্যৱস্থা বিদেশী শক্তিৰ নিয়ন্ত্ৰণ আৰু সমৰ্থনৰ ওপৰত নিৰ্ভৰশীল। বিদেশী সামাজিক মাধ্যমেও মোদীক সমৰ্থন কৰে বুলি অভিযোগ কৰি এই বিষয়ত প্ৰধানমন্ত্ৰীক মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান জনাইছিল ৰাহুল গান্ধীয়ে।
এই ৰাজনৈতিক বাকযুদ্ধৰ সূত্ৰপাত হৈছিল গুজৰাট ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী দলক ‘বিৰোধী পক্ষ’ৰ পৰিৱৰ্তে ‘অৱৰোধ পক্ষ’ বুলি কটাক্ষ কৰাৰ পিছত। মোদীয়ে অভিযোগ কৰিছিল যে বিৰোধীয়ে দেশৰ উন্নয়নৰ পথত বাধাৰ সৃষ্টি কৰিছে আৰু বিদেশত কোনে কাৰ সৈতে গোপনে বৈঠকত মিলিত হৈছে, সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰিছিল।
মোদীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধেই বিদেশী সহায় লোৱাৰ অভিযোগ উত্থাপন কৰে। তাৰ পিছতে ৰিজিজুৰ এই মন্তব্যই বিজেপি আৰু কংগ্ৰেছৰ মাজৰ ৰাজনৈতিক বাকযুদ্ধ অধিক তীব্ৰ কৰি তুলিছে।