৩ নৱেম্বৰ: নিজৰ বিৰুদ্ধে চলি থকা গোচৰসমূহৰ তদন্ত সম্পৰ্কীয় বাতৰি প্ৰকাশত বাধা আৰোপৰ দাবীত তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে দাখিল কৰা আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। অৱশ্যে অন্তৱৰ্তীকালীন সকাহ বিচাৰি কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ তেওঁক অনুমতি দিছে শীৰ্ষ আদালতে।
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি. মোহনাৰ তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে এই নিৰ্দেশ দিয়ে। দুৰ্গাপূজা আৰু দীপাৱলীৰ বন্ধৰ পিছত ১৬ নৱেম্বৰত উচ্চ ন্যায়ালয় পুনৰ মুকলি হ’লে অভিষেক বেনাৰ্জীয়ে আবেদনখনৰ শুনানিৰ বাবে অনুৰোধ জনাব পাৰিব।
অভিষেক বেনাৰ্জীৰ অভিযোগ, তেওঁৰ বিৰুদ্ধে চলি থকা তদন্তৰ সৈতে জড়িত তথ্য সংবাদ মাধ্যমৰ ওচৰলৈ ফাদিল কৰা হৈছে। ইয়াৰ ফলত তেওঁ সংবাদ মাধ্যমত একপক্ষীয় বিচাৰৰ সন্মুখীন হৈছে বুলি দাবী কৰি গোচৰসমূহৰ সন্দৰ্ভত বাতৰি প্ৰকাশত বাধা আৰোপৰ আবেদন জনাইছিল।
উচ্চতম ন্যায়ালয়ে আবেদনখনৰ শুনানি গ্ৰহণ নকৰি বিষয়টোত অন্তৱৰ্তীকালীন সকাহ বিচাৰিবলৈ কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে।