৩ নৱেম্বৰ: ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰয়োজন হ’লে NDAৰ বাহিৰত থাকিও অকলেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু বুলি ইংগিত দিছে কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ মুৰব্বী চিৰাগ পাছোৱানে। দলটোৱে ৰাজ্যখনৰ ৪০৩টা বিধানসভা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি তেওঁ উল্লেখ কৰে।

মঙলবাৰে পাটনাত ANIৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাছোৱানে কয় যে উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰস্তুতি পূৰ্ণগতিত চলিছে। NDAৰ সৈতে মিত্ৰতাক আদৰণি জনালেও পৰিস্থিতি অনুসৰি অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিকল্প দলটোৰ বাবে খোলা আছে।

তেওঁ কয়, “আমি প্ৰতিটো পৰিস্থিতিৰ বাবে ১০০ শতাংশ সাজু। মিত্ৰতা হ’লে ভাল কথা। কিন্তু পৰিস্থিতিয়ে দাবী কৰিলে লোক জনশক্তি পাৰ্টি (ৰাম বিলাস) উত্তৰ প্ৰদেশৰ ৪০৩টা সমষ্টিতে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু।”

পাছোৱানে লগতে কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ দল NDAৰ অংশীদাৰ আৰু বিহাৰতো মিত্ৰতাত আছে। ঝাৰখণ্ড আৰু দিল্লীতো মিত্ৰজোঁটৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল দলটো। আনহাতে, নাগালেণ্ডত অকলেই নিৰ্বাচন খেলি দুগৰাকী বিধায়ক লাভ কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

উত্তৰ প্ৰদেশত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অহা ৫ নৱেম্বৰত কাশীত এখন বৃহৎ জনসভাৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি ২৮ নৱেম্বৰত লক্ষ্ণৌত দলৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হ’ব বুলি পাছোৱানে জানিবলৈ দিয়ে।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ ৪০৩টা বিধানসভা সমষ্টিৰ বাবে ২০২৭ চনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। BJP আৰু সমাজবাদী পাৰ্টিৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা থকা ৰাজ্যখনত লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)-এ নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰৰ চেষ্টা চলাইছে।