গুৱাহাটী, ২৩ নৱেম্বৰ: অসমত পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীক পুনৰ সক্ৰিয় কৰি তুলিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই (বি জে এছ এম)। বিভিন্ন সংগঠন, বুদ্ধিজীৱী আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ (আবছূ) প্ৰাক্তন নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈ পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণৰ প্ৰস্তুতি চলাইছে সংগঠনটোৱে। অহা ২৫ নৱেম্বৰত দেৱৰগাঁৱত অনুষ্ঠিত হ'বলগীয়া এখন গুৰুত্বপূৰ্ণ বৈঠকত পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত গণতান্ত্ৰিক আৰু অহিংস আন্দোলন আৰম্ভ কৰাৰ কৌশল প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে।
সোমবাৰে প্ৰকাশ কৰা এক বিবৃতিত সংগঠনটোৰ কাৰ্যকৰী সভাপতি দাওৰাও দেক্ৰেব নাৰ্জাৰীয়ে প্ৰস্তাৱিত বড়োলেণ্ড ৰাজ্যৰ ভৌগোলিক পৰিসৰৰ বিষয়ে উল্লেখ কৰে। তেওঁৰ মতে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বড়ো বসতিপ্ৰধান অঞ্চলসমূহক সামৰি পশ্চিমে সংকোশ নদীৰ পৰা পূবে শদিয়ালৈকে, ভূটানৰ পাদদেশৰ কাষেৰে এখন পৃথক ৰাজ্য গঠন কৰা উচিত। বড়োসকল প্ৰাচীন কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ ইতিহাসৰ সৈতে জড়িত অন্যতম প্ৰাচীন খিলঞ্জীয়া জনগোষ্ঠী বুলিও তেওঁ দাবী কৰে।
স্বাধীনতাৰ পাছৰে পৰা অসমৰ বিভিন্ন চৰকাৰে বড়ো আৰু অন্যান্য খিলঞ্জীয়া জনজাতীয় লোকসকলৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাত পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা নাই বুলি মঞ্চই অভিযোগ তোলে। অসমীয়া ভাষা-সংস্কৃতিৰ আধিপত্যৰ ফলত জনজাতীয় লোকসকলৰ সাংবিধানিক অধিকাৰ উপেক্ষিত হোৱাৰ লগতে জনজাতীয় বেল্ট আৰু ব্লকৰ ভূমি সুৰক্ষা ব্যৱস্থা ক্ৰমাৎ দুৰ্বল হৈ পৰা বুলি সংগঠনটোৱে উদ্বেগ প্ৰকাশ কৰে।
আন্দোলনৰ ঐতিহাসিক পটভূমিৰ কথা উল্লেখ কৰি বি জে এছ এমৰ নেতাগৰাকীয়ে কয় যে ১৯৬৭ চনৰ উদয়াচল আন্দোলন আৰু পৰৱৰ্তী সময়ত বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত এই দাবীয় নতুন গতি লাভ কৰিছিল। কিন্তু পূৰ্বৰ বি এ চি, বি টি চি আৰু শেহতীয়া বি টি আৰ চুক্তিসমূহে বড়ো জনগোষ্ঠীৰ মূল ৰাজনৈতিক আকাংক্ষা পূৰণ কৰিব পৰা নাই বুলি তেওঁ মন্তব্য কৰে।
বড়ো ভাষা সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ পাছতো অসম বিধানসভাৰ দৰে গুৰুত্বপূৰ্ণ স্থানত বড়ো লিপি আৰু সাংস্কৃতিক প্ৰতীকৰ প্ৰতি উচিত সন্মান প্ৰদৰ্শন নকৰাৰ অভিযোগ তুলিছে মঞ্চই। সেয়েহে বড়ো জনগোষ্ঠীৰ মাটি, ভাষা, সংস্কৃতি আৰু ভৱিষ্যতৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ৰাজনৈতিক মতভেদ পাহৰি সকলো পক্ষক ২৫ নৱেম্বৰৰ দেৱৰগাঁও বৈঠকত অংশ ল'বলৈ আহ্বান জনাইছে সংগঠনটোৱে।