তেজপুৰ-বাইহাটা চাৰিআলি চাৰিলেনযুক্ত পথ প্ৰকল্পৰ বাবে অধিগ্ৰহণ প্ৰক্ৰিয়াৰ অধীনত থকা ভূমিত নতুনকৈ নিৰ্মাণ কাৰ্য চলোৱাক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে। অধিগ্ৰহণ কৰিবলগীয়া ভূমিত নিৰ্মাণ কাৰ্য চলাই থকা লোকসকলক তাৎক্ষণিকভাৱে জাননী জাৰি কৰিবলৈ সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।

ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ইতিমধ্যে ভূমি ৰাজহ সহায়কসকলৰ জৰিয়তে সংশ্লিষ্ট সকলো লোকলৈ জাননী প্ৰেৰণ কৰিছে। পূৰ্বে ছিপাঝাৰৰ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰ্তমানৰ নগাঁও জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কমলজিৎ শৰ্মালৈও প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

একেদৰে দৰং জিলাৰ দলগাঁও অঞ্চলতো এনে অভিযোগ উত্থাপন হোৱাৰ পিছত সংশ্লিষ্ট লোকসকললৈ জাননী প্ৰেৰণ কৰা হৈছে। দলগাঁৱৰ চক্ৰ বিষয়াই আৰক্ষীৰ সহযোগত এই সন্দৰ্ভত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰশাসনে প্ৰকাশ কৰিছে।

ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে জাৰি কৰা এক নিৰ্দেশ অনুসৰি, অধিগ্ৰহণ প্ৰক্ৰিয়াৰ অধীনত থকা ভূমিত নতুন নিৰ্মাণ, সম্প্ৰসাৰণ, পৰিৱৰ্তন, বেৰ দিয়া, মাটি পোতা বা খনন আদি কাৰ্যত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। প্ৰাৰম্ভিক অধিগ্ৰহণৰ জাননী প্ৰকাশৰ পিছত কৰা যিকোনো নিৰ্মাণ বা উন্নয়নে ক্ষতিপূৰণ লাভৰ অধিকাৰ নিদিয়ে বুলি নিৰ্দেশত স্পষ্ট কৰি দিয়া হৈছে।

এনএইচআইডিচিএলে অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে সমগ্ৰ পথছোৱাৰ উপগ্ৰহীয় ছবি সংগ্ৰহ কৰি ৰাখিছে। ফলত কোনো লোকে নতুনকৈ নিৰ্মাণ কাৰ্য চলালেও উপগ্ৰহীয় তথ্যৰ ভিত্তিত সেই নতুন নিৰ্মাণৰ বাবে কোনো অতিৰিক্ত ক্ষতিপূৰণ লাভ কৰিব নোৱাৰিব। ভূমিত অনাহক নিৰ্মাণ চলাই অতিৰিক্ত ক্ষতিপূৰণ দাবী কৰাৰ প্ৰৱণতা ৰোধ কৰাৰ লক্ষ্যৰেই প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে।