চেঙা: চৰকাৰী অনুষ্ঠানত মেচিনত বোৱা গামোচাৰে সম্বৰ্ধনা জনোৱাক লৈ মঙলবাৰে চৰকাৰী বিষয়াক ৰাজহুৱাকৈ ককৰ্থনা কৰে বিধায়ক দীপক কুমাৰ দাসে। চেঙাত এটা ধান ক্ৰয় কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ সময়তে এই ঘটনা ঘটে।

ধান ক্ৰয় কেন্দ্ৰটোৰ উদ্বোধনৰ সময়ত আয়োজক বিষয়াসকলে বিধায়কগৰাকীক পাৱাৰলুমৰ গামোচাৰে আদৰণি জনাবলৈ চেষ্টা কৰে। মেচিনত তৈয়াৰী গামোচা দেখিয়েই ক্ষুব্ধ হৈ পৰে বিধায়ক দাস। এনে নকল গামোচা ল’বলৈ তেওঁ স্পষ্টভাৱে অস্বীকাৰ কৰে।

বিধায়ক দীপক কুমাৰ দাসে বিষয়াসকলক সকীয়াই দি কয়, “মেচিনত বোৱা দুই নম্বৰী গামোচা মোক নিদিব। পইচা লাগে যদি মই দিম, কিন্তু হাতত বোৱা গামোচা ব্যৱহাৰ কৰক।” চৰকাৰী অনুষ্ঠানত এনেদৰে স্থানীয় শিপিনীৰ পৰিৱৰ্তে বাহিৰৰ মেচিনত তৈয়াৰী গামোচা অনাত তেওঁ তীব্ৰ আপত্তি জনায়।

অসমৰ গামোচাই ইতিমধ্যে জি আই টেগ লাভ কৰাৰ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে এই বস্ত্ৰৰ লগত আমাৰ আই-ভনীসকলৰ শ্ৰম আৰু আবেগ জড়িত হৈ আছে। আনহাতে মেচিনত বোৱা এনে বস্ত্ৰত কেৱল ব্যৱসায়হে জড়িত হৈ থাকে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

ভৱিষ্যতে কোনো চৰকাৰী সভাত এনে মেচিনত তৈয়াৰী গামোচা ব্যৱহাৰ নকৰিবলৈ অনুষ্ঠানত উপস্থিত বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে।