আজি ডিব্ৰুগড়ত ‘STOP BIG DAM’ শীৰ্ষক যৌথ সংবাদমেলৰ জৰিয়তে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে মুকলি স্থিতি গ্ৰহণ কৰে People's Forum Against Big Dam, Adi Bane Kebang United, Adi Galo Welfare Society আৰু Dibang Dam Assam Arunachal Downstream Action Alliance-এ।
সংবাদমেলত সংগঠনসমূহে স্পষ্টকৈ সকীয়াই দিয়ে যে ডিবাং নদীত নিৰ্মাণ হ'বলগীয়া বৃহৎ বান্ধ কেৱল এটা প্ৰকল্প নহয়, বৰঞ্চ অসম আৰু অৰুণাচলৰ ভাটি অঞ্চলৰ লাখ লাখ লোকৰ জীৱন, জীৱিকা আৰু ভৱিষ্যতৰ প্ৰতি এক বৃহৎ ভাবুকি।
বান্ধ নিৰ্মাণৰ ফলত ভয়াৱহ বানপানী, গৰাখহনীয়া, পৰিৱেশৰ ভাৰসাম্যহীনতা আৰু জৈৱ-বৈচিত্ৰ্যৰ ব্যাপক ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰে সংগঠনকেইটাই।
সংগঠনসমূহৰ স্পষ্ট দাবী—জনসাধাৰণৰ জীৱনক বিপদৰ মুখলৈ ঠেলি দি কোনো কাৰণতে বৃহৎ নদীবান্ধ নিৰ্মাণ হ'বলৈ দিয়া নহ'ব। অতি শীঘ্ৰে ডিবাং বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰাৰ বাবে চৰকাৰক কঠোৰ দাবী জনোৱাৰ লগতে অন্যথা ধাৰাবাহিক আৰু তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
এতিয়া প্ৰশ্ন হৈছে—জনসাধাৰণৰ এই প্ৰতিবাদ আৰু সংগঠনসমূহৰ কঠোৰ সকীয়নিৰ পিছত ডিবাং বান্ধক লৈ চৰকাৰে কি স্থিতি গ্ৰহণ কৰে? সেয়াই হ'ব লক্ষণীয়।