অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক ড০ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা গুৰুতৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই বিষয়টোত পোনপটীয়া মন্তব্য কৰাৰ পৰা বিৰত থাকি আইন আৰু আদালতৰ ওপৰত আস্থা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘কাৰ্বি আংলঙৰ নিজা নিয়ম-নীতি, পৰম্পৰাগত আদালত আছে, ৰজা আছে আৰু আমাৰ আদালত আছে। এই বিষয়বোৰত মুখ্যমন্ত্ৰীৰ কোনো মন্তব্য নাথাকে। আইন-আদালতে যি নিৰ্দেশ দিয়ে, সেয়া মানি ল’ম।’

উল্লেখ্য যে, ২৪ নৱেম্বৰত ডিফুৰ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এগৰাকী মহিলাই ড০ হাবে টেৰণৰ বিৰুদ্ধে পৰকীয়া প্ৰেম আৰু সন্তানৰ পিতৃত্ব সম্পৰ্কীয় অভিযোগ উত্থাপন কৰিছিল। বিধায়কগৰাকীৰ সৈতে গঢ়ি উঠা সম্পৰ্কৰ ফলতে এটি সন্তানৰ জন্ম হৈছে বুলি মহিলাগৰাকীয়ে দাবী কৰে।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, ক'ভিড মহামাৰীৰ সময়ত দুয়োৰে মাজত সম্পৰ্ক গঢ়ি উঠিছিল আৰু ২০২১ চনৰ ৪ মাৰ্চত এটি সন্তানৰ জন্ম হয়। প্ৰথম অৱস্থাত সন্তানৰ দায়িত্ব লোৱাৰ আশ্বাস দিছিল যদিও পৰৱৰ্তী সময়ত ড০ টেৰণে যোগাযোগ বিচ্ছিন্ন কৰে বুলি তেওঁ অভিযোগ তোলে।

ইয়াৰ উপৰি ধনৰ লেনদেন, বিধায়কগৰাকীক সাক্ষাৎ কৰিবলৈ গৈ বাধাৰ সন্মুখীন হোৱা আৰু বিভিন্ন পক্ষৰ কাষ চাপিও ন্যায় নোপোৱাৰ কথা মহিলাগৰাকীয়ে প্ৰকাশ কৰে। সন্তানটিৰ পিতৃত্ব প্ৰমাণ কৰিবলৈ তেওঁ ডি এন এ (DNA) পৰীক্ষাৰ বাবে সাজু বুলি জনায় আৰু বিধায়কগৰাকীকো এই পৰীক্ষাৰ বাবে সন্মতি দিবলৈ আহ্বান জনায়।

মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগসমূহৰ সন্দৰ্ভত ড০ হাবে টেৰণৰ কোনো প্ৰতিক্ৰিয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই।