গুৱাহাটী, ২৮ অক্টোবৰঃ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক প্ৰক্ৰিয়া অধিক শক্তিশালী আৰু ক্ষিপ্ৰ কৰাৰ দাবীৰে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰিলে গৰিমা শইকীয়া গাৰ্গসহ শিল্পী, অভিনেতা আৰু আন কেইবাগৰাকীও ব্যক্তিয়ে। প্ৰতিনিধি দলটোৱে ৰাজ্যপালৰ ওচৰত সাত দফীয়া দাবী সম্বলিত এখন স্মাৰক-পত্ৰ দাখিল কৰে।

সাক্ষাতৰ পিছত গৰিমা শইকীয়া গাৰ্গে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ দিনা কি ঘটিছিল, সেয়া অতি সোনকালে স্পষ্ট হ’ব লাগে। ঘটনাটোৰ সৈতে জড়িত অভিযুক্তসকলৰ জামিনক লৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে। তেওঁৰ মতে, ন্যায় প্ৰক্ৰিয়া শক্তিশালীভাৱে আগবাঢ়িব লাগে আৰু কোনো অভিযুক্তই যাতে আইনৰ আওতাৰ পৰা ওলাই যাব নোৱাৰে, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

প্ৰতিনিধি দলটোৰ হৈ ৰাহুল গৌতম শৰ্মাই সাত দফীয়া দাবীসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যাখ্যা কৰে। তেওঁ জনোৱা মতে, প্ৰথম দাবীটো হৈছে অভিযুক্তসকলৰ জামিনৰ আবেদনৰ বিৰুদ্ধে শক্তিশালী আইনী পদক্ষেপ গ্ৰহণ কৰা আৰু ইতিমধ্যে জামিন লাভ কৰাসকলৰ ক্ষেত্ৰতো প্ৰয়োজন অনুসৰি উচ্চতৰ আদালতত প্ৰত্যাহ্বান জনোৱা।

দ্বিতীয় দাবী হিচাপে অসমৰ মহাধিবক্তাৰ নেতৃত্বত এটা সমন্বিত অভিযোজন ব্যৱস্থা গঢ়ি তোলাৰ কথা উল্লেখ কৰা হৈছে। তৃতীয় দাবীটো হৈছে গোচৰটোৰ বাবে অভিজ্ঞ আৰু দক্ষ অধিবক্তা নিয়োগ কৰা, যাতে উচ্চতম ন্যায়ালয়ত চলি থকা জামিন-সম্পৰ্কীয় প্ৰক্ৰিয়াসমূহতো শক্তিশালী আইনী প্ৰতিনিধিত্ব নিশ্চিত হয়।

চতুৰ্থ দাবীত অভিযোজন পক্ষক সুৰক্ষিত কৰা আৰু সাক্ষীসকলক কোনো ধৰণৰ প্ৰভাৱিত কৰাৰ চেষ্টা যাতে নহয়, তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ কথা কোৱা হৈছে। পঞ্চম দাবীটো হৈছে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ আৰু বাধাহীনভাৱে সম্পন্ন কৰা। দ্ৰুত বিচাৰৰ ব্যৱস্থা থকাৰ লগতে আন আদালতত চলি থকা সংশ্লিষ্ট প্ৰক্ৰিয়াসমূহো সোনকালে আগবঢ়োৱাৰ দাবী জনোৱা হৈছে।

ষষ্ঠ দাবীত ৰাজ্য চৰকাৰে গোচৰটোৰ অগ্ৰগতি আৰু পৰৱৰ্তী পদক্ষেপসমূহৰ বিষয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে পৰিয়াল আৰু জনসাধাৰণক অৱগত কৰি থকাৰ আহ্বান জনোৱা হৈছে। সপ্তম দাবীটো হৈছে তদন্তৰ সময়ত পোহৰলৈ অহা আন অভিযোগসমূহো সমান গুৰুত্বৰে তদন্ত কৰা।

গৰিমা শইকীয়া গাৰ্গে লগতে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ দিনা, অৰ্থাৎ ১৯ ছেপ্টেম্বৰত, প্ৰকৃততে কি ঘটিছিল সেয়া ৰাইজে জানিব বিচাৰে। তেওঁ কয় যে গোচৰটোৰ অগ্ৰগতিৰ বিষয়ে কেৱল পৰিয়ালকেই নহয়, সমগ্ৰ ৰাইজকো সময়ে সময়ে অৱগত কৰা উচিত।

আন্দোলন আৰু ন্যায়ৰ দাবীক লৈ বিভিন্ন পক্ষৰ মাজত বিভাজন হোৱা বুলি উত্থাপিত প্ৰশ্নৰ উত্তৰত গৰিমাই কয় যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সকলোৱে একেলগে আছে। তেওঁৰ মতে, এই সময়ত পৰস্পৰৰ মাজত সন্দেহ সৃষ্টি হ’বলৈ দিয়া উচিত নহয় আৰু সকলোৱে ঐক্যবদ্ধভাৱে ন্যায়ৰ দাবী অব্যাহত ৰাখিব লাগে।

প্ৰতিনিধি দলটোৱে ৰাজ্যপালক বিষয়টোত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰি ন্যায় প্ৰক্ৰিয়া যাতে সঠিক আৰু শক্তিশালী দিশত আগবাঢ়ে, তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক প্ৰক্ৰিয়াৰ অগ্ৰগতি আৰু পৰৱৰ্তী পদক্ষেপৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।