পশ্চিম কাৰ্বি আংলঙত এটা বৃহৎ জলবিদ্যুৎ শক্তি সংৰক্ষণ প্ৰকল্প নিৰ্মাণৰ বাবে ১৯০.৭ হেক্টৰ বনভূমি ব্যৱহাৰৰ প্ৰস্তাৱত নীতিগত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এপিডিচিএল) প্ৰস্তাৱ কৰা ১,৩০০ মেগাৱাট ক্ষমতাসম্পন্ন এই প্ৰকল্পটোৰ বাবে বনাঞ্চলৰ এক বৃহৎ অংশ ব্যৱহাৰ কৰা হ'ব।
হামৰেণ বন সংমণ্ডলৰ অধীনত এই অফ-ষ্ট্ৰিম ক্ল'জড-লুপ জলবিদ্যুৎ শক্তি সংৰক্ষণ প্ৰকল্পটো নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে এক বিস্তৃত বিদ্যুৎ সঞ্চালন নেটৱৰ্কৰো প্ৰয়োজন হ'ব। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উপদেষ্টা সমিতিয়ে এপিডিচিএলৰ প্ৰস্তাৱটো আলোচনা কৰি কেতবোৰ চৰ্ত সাপেক্ষে প্ৰথম পৰ্যায়ৰ এই নীতিগত অনুমোদনৰ পৰামৰ্শ আগবঢ়ায়।
বনাঞ্চলৰ মূল্যায়ন অনুসৰি, প্ৰস্তাৱিত ১৯০.৭ হেক্টৰ ভূমিৰ ভিতৰত ৩.২৭ হেক্টৰ অতি ঘন বনাঞ্চল, ৯৪.০৭ হেক্টৰ মধ্যমীয়া ঘন বনাঞ্চল আৰু ৬৪.৪১ হেক্টৰ মুকলি বনাঞ্চল আছে। প্ৰকল্পটো কাৰ্যকৰী কৰিবলৈ ৫০টা প্ৰজাতিৰ প্ৰায় ৩,৯৪০ জোপা গছ আৰু ২,৬৬,৩০০ ডাল বাঁহ কাটিব লাগিব।
উপদেষ্টা সমিতিৰ মতে, এই প্ৰকল্পই নবীকৰণযোগ্য শক্তিৰ সৈতে বিদ্যুৎ উৎপাদনৰ সংযোগ সুদৃঢ় কৰিব আৰু পৰম্পৰাগত শক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব। ইয়াৰ উপৰি অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নতো ই অৰিহণা যোগাব পাৰে বুলি উল্লেখ কৰা হৈছে।
অৱশ্যে এই অনুমোদনৰ লগত কেইবাটাও কঠোৰ পৰিৱেশ সুৰক্ষাৰ চৰ্ত বান্ধি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুখ্য বন্যপ্ৰাণী সংৰক্ষকৰ সৈতে আলোচনা কৰি বন্যপ্ৰাণী আৰু বাসস্থান সুৰক্ষাৰ বাবে এক বিশেষ বন্যপ্ৰাণী ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। ইয়াৰ সমান্তৰালকৈ জলগ্ৰহণ এলেকাৰ সুৰক্ষা আৰু মাটিৰ খহনীয়া ৰোধৰ বাবে সুকীয়া আঁচনি প্ৰস্তুত কৰিব লাগিব, যাৰ সম্পূৰ্ণ ব্যয় এপিডিচিএলে বহন কৰিব।
প্ৰকল্পটোৰ জলাশয়ত প্ৰথমবাৰ পানী ভৰোৱাৰ সময়ত বাৰিষা নদীৰ জলপ্ৰবাহ সৰ্বাধিক থকাৰ সময়তহে পানী সংগ্ৰহৰ অনুমতি দিয়া হ'ব। স্থানীয় পানীৰ উৎসৰ ওপৰত চাপ হ্ৰাস কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ আৰু ভূগৰ্ভস্থ পানীৰ পুনৰ্ভৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বান্ধৰ অনুমোদিত নক্সা মানি চলা আৰু নিৰ্মাণকাৰ্যত সৃষ্টি হোৱা আৱৰ্জনা নিষ্কাষণৰ স্থানসমূহ পিছত পুনৰুদ্ধাৰ কৰাৰ চৰ্তও আৰোপ কৰা হৈছে।