মণিপুৰৰ ইম্ফল পশ্চিম আৰু ইম্ফল পূব জিলাৰ বিভিন্ন স্থানত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত নিষিদ্ধ ঘোষিত সংগঠন কাংলেইপাক কমিউনিষ্ট পাৰ্টী চমুকৈ কেচিপিৰ সাতজন কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে। ২৩ আৰু ২৪ নৱেম্বৰত চলোৱা এই যৌথ অভিযানত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ, গুলী-বাৰুদ আৰু যোগাযোগৰ আধুনিক সঁজুলি উদ্ধাৰ হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ক্ৰিমিনেল ইনভেষ্টিগেচন ডিপাৰ্টমেণ্ট (চিডিঅ’) আৰু অসম ৰাইফলছৰ যৌথ দলে এই অভিযান চলাইছিল। মূলতঃ সশস্ত্ৰ সংগঠন আৰু অবৈধ ধন দাবীৰ সৈতে জড়িত নেটৱৰ্কসমূহ উৎখাত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হয়।

২৪ নৱেম্বৰত ইম্ফল পশ্চিম জিলাৰ নুম্বুল নদীৰ সমীপৰ মছজিদ ৰোডৰ পৰা কেচিপি (পিডব্লিউজি)-ৰ সদস্য ওইনাম নাওবা সিং ওৰফে নানাওক গ্ৰেপ্তাৰ কৰা হয়। কাংপকপি জিলাৰ মটবুং অঞ্চলৰ চৰহাজাৰে গাঁৱৰ ২৬ বছৰীয়া নাওবা সিঙৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ আছে।

একেটা দিনতে মায়াং ইম্ফল থানাৰ অন্তৰ্গত ছাগাইছাবিত চলোৱা এক তালাচী অভিযানত দুটা লেথোড গান, ছটা বেৰেল গান (এটা ডাবল বেৰেল আৰু পাঁচটা বল্ট-একশ্যন ছিংগল বেৰেল গান) আৰু মেগজিনসহ দুটা পিষ্টল জব্দ কৰা হয়। পিষ্টল দুটাৰ এটা ৯ মিলিমিটাৰ আৰু আনটো .২২ কেলিবাৰৰ। ইয়াৰ উপৰি সাতটা এণ্টি-ৰায়ট মিউনিচন আৰু চাৰ্জাৰসহ পাঁচটা হেণ্ডহেল্ড যোগাযোগ সঁজুলিও জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

ইয়াৰ পূৰ্বে ২৩ নৱেম্বৰত ইম্ফল পশ্চিম জিলাৰ পাটছৈ থানাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা কেচিপি (পিডব্লিউজি)-ৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল। ধৃত সদস্যকেইজন হৈছে ফিজাম মুথি সিং ওৰফে বসন্ত ওৰফে ফিৰেপ্পা, লংজাম নাওবা সিং, ছৰোখাইবাম ইনাওচা সিং ওৰফে ৰমেশ আৰু সুখাম জেমছ সিং ওৰফে নগাকপা।

আনহাতে ২৪ নৱেম্বৰত ইম্ফল পূব চিডিঅ’ আৰু ৩১ নং অসম ৰাইফলছৰ যৌথ দলে কেচিপি (আপুনবা)-ৰ দুজন সক্ৰিয় সদস্য ক্ৰমে কাংগাবাম টণ্ডনবা মেইতেই ওৰফে থোইবা আৰু চিকামবৌ পামেইক গ্ৰেপ্তাৰ কৰে। সমগ্ৰ ৰাজ্যখনত সশস্ত্ৰ সংগঠন আৰু ধন দাবীৰ নেটৱৰ্কৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ এনে অভিযান অব্যাহত থাকিব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।