গুৱাহাটী:

আগন্তুক ৩ ডিচেম্বৰ অৰ্থাৎ বিশ্ব প্ৰতিবন্ধী দিৱসৰ পূৰ্বে বা সেই দিনটোতে প্ৰতিবন্ধীসকলৰ অন্ততঃ তিনিটা গুৰুত্বপূৰ্ণ দাবীৰ সন্দৰ্ভত চৰকাৰক স্পষ্ট সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সংগঠনটোৱে এই বিষয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত হস্তক্ষেপ দাবী কৰে।

সংগঠনটোৱে অভিযোগ কৰা অনুসৰি, বিভাগীয় মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ সৈতে আলোচনা হোৱাৰ পাছতো প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী হোৱা নাই। ২০২৫ চনৰ ২৪ ছেপ্টেম্বৰত মন্ত্ৰীগৰাকীৰ সৈতে হোৱা আনুষ্ঠানিক আলোচনাত দিব্যাংগ দীনদয়াল পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ বিষয়টো উত্থাপন কৰা হৈছিল। এই আঁচনি পুনৰ প্ৰৱৰ্তন কৰা সম্ভৱ নহ'লে প্ৰতিবন্ধী সুৰক্ষা আইনৰ (আৰপিডব্লিউডি এক্ট) ২৪ নং ধাৰা অনুসৰি বৰ্তমানৰ আঁচনিৰ হাৰতকৈ ২৫ শতাংশ অতিৰিক্ত ধন প্ৰদানৰ ব্যৱস্থা কৰিবলৈও দাবী জনোৱা হৈছিল। কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে কোনো কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।

সংবাদমেলত সংস্থাটোৱে দৃষ্টিহীন বিদ্যালয় চৰকাৰীকৰণৰ দাবীও উত্থাপন কৰে। সংস্থাৰ প্ৰতিনিধিয়ে জনায় যে এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰীয়ে চৰকাৰলৈ ইতিমধ্যে এখন পত্ৰ প্ৰেৰণ কৰিছে। এইক্ষেত্ৰত চৰকাৰৰ পৰৱৰ্তী পদক্ষেপৰ বাবে সংগঠনটোৱে অপেক্ষা কৰি আছে বুলিও প্ৰকাশ কৰে।

ইয়াৰ উপৰি প্ৰতিবন্ধী ব্যক্তিসকলৰ বাবে সংৰক্ষিত ৪,৪১৯টা বেকল'গ পদ শীঘ্ৰে পূৰণৰ দাবী জনায় সংস্থাটোৱে। প্ৰতিনিধিগৰাকীয়ে প্ৰকাশ কৰে যে এই পদসমূহৰ ফাইল আগবঢ়োৱাৰ বাবে মন্ত্ৰীয়ে চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া স্পষ্ট কৰাৰ আহ্বান জনায় সংগঠনটোৱে।

আনহাতে, অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰতো প্ৰতিবন্ধী লোকসকল বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে সংস্থাটোৱে। ৰেচন কাৰ্ডৰ চৰ্তৰ বাবে বহু প্ৰতিবন্ধী ব্যক্তিয়ে আঁচনিখনৰ সুবিধা লাভ কৰিব পৰা নাই বুলি উল্লেখ কৰি এই বিসংগতি শীঘ্ৰে দূৰ কৰিবলৈ চৰকাৰৰ হস্তক্ষেপ বিচাৰে।

সমগ্ৰ বিষয়টো সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ সক্ৰিয় হস্তক্ষেপ বিচাৰি ৩ ডিচেম্বৰৰ ভিতৰত চৰকাৰে এই দাবীসমূহৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে সংগঠনটোৱে।