মৰিগাঁও, ২৫ নৱেম্বৰ: মৰিগাঁও জিলাৰ ভূৰাগাঁও নতুন বজাৰ এলেকাত ২৫ নৱেম্বৰৰ পুৱাৰে পৰা জিলা প্ৰশাসনে এক বৃহৎ উচ্ছেদ অভিযান চলায়। ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বজাৰ এলেকা তথা ভূৰাগাঁও-নগাঁও সংযোগী গড়কাপ্তানি পথৰ দুয়োকাষে থকা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হয়।

ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত জেচিবি আৰু বুলড’জাৰ ব্যৱহাৰ কৰি চৰকাৰী ভূমিত গঢ়ি উঠা দোকান-পোহাৰ আৰু বিভিন্ন নিৰ্মাণকাৰ্য ভাঙি পেলোৱা হয়। উচ্ছেদৰ সময়ছোৱাত যাতে কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে ঘটনাস্থলীত বৃহৎসংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল।

পূৰ্বেই জাৰি কৰা হৈছিল উচ্ছেদৰ জাননী

জিলা প্ৰশাসনৰ তৰফৰ পৰা যোৱা ১৭ নৱেম্বৰতে এই সন্দৰ্ভত উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল। ইয়াৰ পিছত ২৩ নৱেম্বৰত মাইকযোগে ঘোষণা কৰি ২৫ নৱেম্বৰৰ দিনা উচ্ছেদ চলোৱা হ'ব বুলি স্থানীয় ব্যৱসায়ীসকলক সতৰ্ক কৰি দিয়া হৈছিল। প্ৰশাসনৰ জাননী লাভ কৰাৰ পিছত একাংশ ব্যৱসায়ীয়ে নিজাববীয়াকৈ নিজৰ দোকান-ঘৰসমূহ আঁতৰাই নিছিল।

চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ সমান্তৰালকৈ পথৰ দাঁতিৰ পৰা অবৈধ নিৰ্মাণ আঁতৰাই যান-বাহন চলাচল সুচল কৰা, পথচাৰীৰ সুৰক্ষা নিশ্চিত কৰা আৰু বজাৰ এলেকাৰ যান-জঁট সমস্যা হ্ৰাস কৰাই প্ৰশাসনৰ এই পদক্ষেপৰ মূল লক্ষ্য বুলি জানিব পৰা গৈছে।

ক্ষতিপূৰণ আৰু সময় নিদিয়াৰ অভিযোগ একাংশ ব্যৱসায়ীৰ

ইফালে প্ৰশাসনৰ এই উচ্ছেদ অভিযানক লৈ একাংশ স্থানীয় ব্যৱসায়ীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। পথ বহল কৰাৰ নামত উচ্ছেদ চলোৱাৰ পূৰ্বে উপযুক্ত সময় আৰু ক্ষতিপূৰণ দিয়াৰ আশ্বাস দিয়া হৈছিল যদিও সেয়া কাৰ্যকৰী নহ'ল বুলি একাংশ ব্যৱসায়ীয়ে অভিযোগ উত্থাপন কৰে। এনেদৰে হঠাৎ অভিযান চলোৱাৰ ফলত বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱিকা বিপন্ন হোৱাৰ আশংকা ব্যক্ত কৰিছে ভুক্তভোগীসকলে।

এই অভিযানত মুঠ কিমান পৰিমাণৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰা হ'ল বা কিমান সংখ্যক দোকান-পোহাৰ উচ্ছেদ কৰা হ'ল, সেই সন্দৰ্ভত প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কোনো চূড়ান্ত তথ্য ৰাজহুৱা কৰা হোৱা নাই।