ৱাশ্বিংটন, ৪ নৱেম্বৰ: আমেৰিকাৰ ২০২৬ চনৰ মধ্যকালীন নিৰ্বাচনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ Republican Party-লৈ মোক্ষম আঘাত হানিলে Democratic Party-য়ে। নিৰ্বাচনৰ ফলাফলত আমেৰিকাৰ কংগ্ৰেছৰ উচ্চ সদন ছিনেটৰ নিয়ন্ত্ৰণ ডেম’ক্ৰেটসকলৰ হাতলৈ যায়। শেহতীয়া ফলাফল অনুসৰি, প্ৰতিনিধি সদন (House of Representatives)-তো সংখ্যাগৰিষ্ঠতা লাভ কৰি দুয়োখন সদনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিছে ডেম’ক্ৰেটিক পাৰ্টিয়ে। ইয়াৰ ফলত ট্ৰাম্পৰ ৰাষ্ট্ৰপতিত্বৰ বাকী দুটা বছৰত তেওঁৰ নীতি আৰু আইন প্ৰণয়নৰ কাৰ্যসূচী ৰূপায়ণ কৰাটো কঠিন হৈ পৰিব পাৰে।

নিৰ্বাচনৰ পূৰ্বে ছিনেটত Republican Party-ৰ ৫৩খন আসন আৰু ডেম’ক্ৰেটসকলৰ ৪৭খন আসন আছিল। সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ডেম’ক্ৰেটসকলক আসনৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজন আছিল। এইবাৰৰ নিৰ্বাচনত টেক্সাছ, উত্তৰ কেৰ’লিনা, দক্ষিণ কেৰ’লিনা, অ’হাইঅ’, কানছাছ আৰু আইঅ’ৱাৰ দৰে Republican Party-ৰ শক্তিশালী ৰাজ্যতো ডেম’ক্ৰেটিক পাৰ্টিয়ে গুৰুত্বপূৰ্ণ জয় লাভ কৰে।

বিশেষকৈ টেক্সাছত ডেম’ক্ৰেটিক প্ৰাৰ্থী জেমছ টালাৰিকোৱে ৰিপাব্লিকান প্ৰাৰ্থী কেন পেক্সটনক পৰাস্ত কৰাটো নিৰ্বাচনৰ অন্যতম চৰ্চিত ফলাফল হিচাপে পৰিগণিত হৈছে। অ’হাইঅ’ত শ্বেৰ’ড ব্ৰাউনে ৰিপাব্লিকান প্ৰাৰ্থী জন হাষ্টেডক পৰাস্ত কৰে। উত্তৰ কেৰ’লিনাত ৰয় কুপাৰেও ছিনেটৰ আসনখন ডেম’ক্ৰেটিক পাৰ্টিৰ দখললৈ আনিবলৈ সক্ষম হয়।

এই নিৰ্বাচনত ভোটাৰৰ অসন্তুষ্টি ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিফলিত হোৱা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। মূল্যবৃদ্ধি, জীৱন-যাপনৰ ব্যয়, ইৰানৰ সৈতে যুদ্ধ আৰু চৰকাৰী দুৰ্নীতিৰ অভিযোগ নিৰ্বাচনৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছিল। Associated Press-ৰ ভোটাৰ সমীক্ষাতো বহু ভোটাৰে দেশৰ অৰ্থনৈতিক পৰিস্থিতি আৰু ট্ৰাম্প প্ৰশাসনৰ কাম-কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ তথ্য পোহৰলৈ আহিছে।

ছিনেটৰ নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত ট্ৰাম্প প্ৰশাসনৰ বাবে নতুন প্ৰত্যাহ্বান সৃষ্টি হ’ব। ডেম’ক্ৰেটসকলে ৰাষ্ট্ৰপতিৰ মনোনীত বিষয়াসকলৰ নিযুক্তি বাধাগ্ৰস্ত কৰিব পাৰিব আৰু ছিনেটত কোনবোৰ বিধেয়ক আলোচনাৰ বাবে উত্থাপন হ’ব, সেই ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। আনহাতে, প্ৰতিনিধি সদনো ডেম’ক্ৰেটসকলৰ নিয়ন্ত্ৰণলৈ অহাত ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে তদন্ত আৰু সংসদীয় শুনানি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

নিৰ্বাচনৰ ফলাফলক ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ বাবে এক বৃহৎ ৰাজনৈতিক প্ৰত্যাহ্বান হিচাপে দেখা হৈছে। অৱশ্যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে পৰাজয়ৰ বাবে নিজৰ দলৰ প্ৰাৰ্থীসকলক দায়ী কৰাৰ লগতে ডেম’ক্ৰেটসকলৰ বিধেয়কত ভেটো প্ৰয়োগ কৰাৰো ইংগিত দিছে।