প্ৰায় ২৬ বছৰৰ বিৰতিৰ অন্তত পুনৰ ভাৰতীয় বজাৰলৈ উভতি অহাৰ প্ৰস্তুতি চলিছে এসময়ৰ জনপ্ৰিয় শীতল পানীয় 'গোল্ড স্পট'ৰ। ২০০০ চনত বজাৰৰ পৰা আঁতৰাই দিয়া কমলাৰ সোৱাদযুক্ত এই পানীয়বিধ পুনৰ মুকলি কৰিবলৈ সাজু হৈছে ক'কা-ক'লা কৰ্তৃপক্ষ। অহা সপ্তাহৰ পৰাই পানীয়বিধ নতুন ৰূপত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।
এইবাৰ গোল্ড স্পট কম চেনি আৰু চেনিবিহীন সংস্কৰণত বজাৰলৈ অনাৰ পৰিকল্পনা হাতত লোৱা হৈছে। বৰ্তমান সময়ত স্বাস্থ্যসন্মত পানীয়ৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তথ্য অনুসৰি, ক'কা-ক'লাৰ বাৰ্ষিক বিক্ৰীৰ ৬০ শতাংশই ডায়েট আৰু লাইট পানীয়ৰ পৰা আহে।
১৯৫০ৰ দশকত ভাৰতীয় বজাৰত আত্মপ্ৰকাশ কৰা গোল্ড স্পট এসময়ত দেশৰ যুৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল। পানীয়বিধৰ বহুল চৰ্চিত শ্ল'গান আছিল 'দা জিং থিং'। ১৯৯৩ চনত পাৰ্লে বিচলেৰীৰ পৰা গোল্ড স্পট, থাম্বছ আপ আৰু লিমকা অধিগ্ৰহণ কৰিছিল ক'কা-ক'লাই। কিন্তু ২০০০ চনত নিজৰ আন এক ব্ৰেণ্ড ফেণ্টাৰ প্ৰচাৰ আৰু বজাৰ সম্প্ৰসাৰণৰ স্বাৰ্থত গোল্ড স্পটৰ উৎপাদন বন্ধ কৰি দিয়া হৈছিল।
বৰ্তমান ভাৰতীয় শীতল পানীয়ৰ বজাৰত কেম্পা আৰু লাহোৰী জিৰাৰ দৰে ব্ৰেণ্ডৰ সৈতে প্ৰতিযোগিতা তীব্ৰতৰ হৈ পৰিছে। এনে পৰিস্থিতিত পুৰণি জনপ্ৰিয় ব্ৰেণ্ড গোল্ড স্পটক নতুন ৰূপত ঘূৰাই অনাটো প্ৰতিষ্ঠানটোৰ বাবে এক গুৰুত্বপূৰ্ণ ব্যৱসায়িক পদক্ষেপ হিচাপে বিবেচিত হৈছে।
ইফালে, ক্ৰিকেট তাৰকা মহেন্দ্ৰ সিং ধোনী আৰু তেওঁৰ পত্নী সাক্ষীক সামাজিক মাধ্যমত গোল্ড স্পটৰ সৈতে দেখা পোৱাৰ পিছত তেওঁলোকক ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনাক লৈ চৰ্চা আৰম্ভ হৈছে। অৱশ্যে এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।