শিৱসাগৰ, ৪ নৱেম্বৰ: আৰক্ষীৰ গুলীত নিহত ঘনকান্ত গগৈৰ মৰোণোত্তৰ পৰীক্ষাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত তেওঁৰ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰাটো সম্ভৱ নহ’ব পাৰে বুলি জানিবলৈ দিছে চিকিৎসালয়খনৰ অধীক্ষকে।
অধীক্ষকগৰাকীৰ মতে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (NHRC) নিৰ্দেশনা অনুসৰি এনে ঘটনাৰ মৰোণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পৰীক্ষা সম্পন্ন কৰিবলৈ ফৰেনছিক বিশেষজ্ঞৰ লগতে তিনিখন পৃথক চিকিৎসালয়ৰ চিকিৎসকৰ উপস্থিতি প্ৰয়োজন হ’ব।
সেইবাবে শিৱসাগৰৰ পৰিৱৰ্তে যোৰহাট অথবা অসম চিকিৎসা মহাবিদ্যালয়ত ঘনকান্ত গগৈৰ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত প্ৰকাশ পোৱা নাই। বৰ্তমানেও শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গতে ৰখা হৈছে তেওঁৰ মৃতদেহ।
ইফালে, ঘনকান্ত গগৈৰ মৃত্যুৰ ঘটনাক লৈ পৰিয়ালৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। পৰিয়ালৰ অভিযোগ অনুসৰি, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁক শিৱসাগৰলৈ নিয়াৰ বিষয়ে তেওঁলোকক আনুষ্ঠানিকভাৱে অৱগত কৰা হোৱা নাছিল। আৰক্ষীৰ গুলীত তেওঁৰ মৃত্যু হোৱা বিষয়েও সংবাদ মাধ্যমৰ জৰিয়তেহে জানিব পাৰিছিল বুলি পৰিয়ালৰ এগৰাকী সদস্যই অভিযোগ কৰিছে।
উল্লেখ্য যে, ৪ নৱেম্বৰৰ পুৱতি নিশা শিৱসাগৰ জিলাৰ গৌৰীসাগৰ অঞ্চলৰ ফুলপানীচিগাত ৰংমন ধাবাৰ সমীপত আৰক্ষীৰ গুলীত মৃত্যু হৈছিল ঘনকান্ত গগৈৰ। আৰক্ষীৰ ভাষ্য অনুসৰি, আন এটা গোচৰৰ তদন্তৰ বাবে তেওঁক শিৱসাগৰলৈ অনা হৈছিল। সেই সময়তে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগত আৰক্ষীয়ে গুলীচালনা কৰে। ঘটনাটোত এজন আৰক্ষী উপ-পৰিদৰ্শকো আহত হৈছিল।
গুৱাহাটীৰ বৰা ছাৰ্ভিচস্থিত বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্ত আছিল ঘনকান্ত গগৈ। সেই ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছিল। এতিয়া তেওঁৰ মৃত্যুৰ পাছত মৰোণোত্তৰ পৰীক্ষাৰ প্ৰক্ৰিয়া আৰু পৰিয়ালৰ অভিযোগক লৈ ঘটনাটোৱে নতুন ৰূপ লৈছে।