গৌৰীসাগৰ: শিৱসাগৰ আৰক্ষীৰ হেফাজতত থকা ঘনকান্ত গগৈ গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰিছে। আৰক্ষীৰ ভাষ্য অনুসৰি, গৌৰীসাগৰ থানাৰ অন্তৰ্গত ফুলপানীছিগা অঞ্চলত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লোৱাৰ চেষ্টা কৰাৰ সময়ত সংঘটিত হতাহতিৰ পাছতে এই ঘটনা ঘটে।
শিৱসাগৰৰ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই জনোৱা মতে, পাঞ্জাব নেচনেল বেংকৰ ঋণ-সংক্ৰান্তীয় এক গোচৰত ঘনকান্ত গগৈক বহুদিন ধৰি বিচাৰি আছিল আৰক্ষীয়ে। গুৱাহাটীৰ পৰা তেওঁক শিৱসাগৰলৈ আনিবলৈ উৎপাদন পৰোৱানা জাৰি কৰা হৈছিল।
আৰক্ষীৰ দলটোৱে গুৱাহাটীৰ পৰা তেওঁক লৈ গৌৰীসাগৰ পোৱাৰ পাছত ঘনকান্তই বাহিৰলৈ যাবলৈ বিচাৰে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জনায়। সেই সময়তে তেওঁ তদন্তকাৰী বিষয়াজনৰ চাৰ্ভিচ অস্ত্ৰ কাঢ়ি লোৱাৰ চেষ্টা কৰে বুলি অভিযোগ।
এই ঘটনাক কেন্দ্ৰ কৰি হোৱা হতাহতিত তদন্তকাৰী বিষয়াজন আঘাতপ্ৰাপ্ত হয়। আৰক্ষীৰ ভাষ্য অনুসৰি, সংঘৰ্ষৰ সময়ত বিষয়াজনৰ চাৰ্ভিচ ৰিভলভাৰৰ পৰা ৩টা গুলী ছুটে। ইয়াৰে এটা গুলী আৰক্ষীৰ গাড়ীত লাগে আৰু আন এটা গুলীত বিষয়াজন আঘাতপ্ৰাপ্ত হয়। তেওঁক জয়সাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, বিষয়াজনক বচাবলৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে উপায়ন্তৰ হৈ নিজৰ চাৰ্ভিচ অস্ত্ৰ ব্যৱহাৰ কৰে। তাত ঘনকান্ত গগৈ গুলীবিদ্ধ হয়। চিকিৎসালয়ত তেওঁক মৃত অৱস্থাত অনা হৈছিল বুলি ঘোষণা কৰা হয়।
ঘনকান্ত গগৈৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত পাঞ্জাব নেচনেল বেংকৰ ঋণ-সংক্ৰান্তীয় এটা গোচৰ আছিল। এক্সকেভেটৰ কিনিবলৈ ঋণ লোৱাৰ সময়ত ভুৱা নথি দাখিল কৰাৰ অভিযোগত বেংকে এই গোচৰ ৰুজু কৰিছিল বুলি আৰক্ষীয়ে জনায়।
“তেওঁ আৰক্ষী বিষয়াসকলৰ জীৱনৰ প্ৰতি ভাবুকি হৈ পৰিছিল। আত্মৰক্ষাৰ খাতিৰত আৰক্ষীয়ে গুলি চলাবলগীয়া হয়,” বুলি পাপৰি চেতিয়াই কয়।