গুৱাহাটী, ২৭ নৱেম্বৰ: পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত আৰু পেৰালিম্পিক এছ'চিয়েচন অৱ অসমৰ সহযোগত 'উদয়াচল'ৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে তৃতীয় উত্তৰ-পূব পেৰা ক্ৰীড়া সমাৰোহ। মহানগৰীৰ তিনিটা স্থানত তিনিদিনীয়া কাৰ্যসূচীৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।
বন্তি প্ৰজ্বলনেৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে পেৰালিম্পিক এছ'চিয়েচন অৱ অসমৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাই। চমু ভাষণত তেওঁ কয় যে অসমে তৃতীয়বাৰলৈ আয়োজন কৰা এই প্ৰতিযোগিতাত এইবাৰ প্ৰথমবাৰৰ বাবে চুবুৰীয়া দেশ নেপাল আৰু ভূটানে অংশ লৈছে। অহা বছৰৰ পৰা এছিয়াৰ অন্যান্য দেশকো এই সমাৰোহলৈ আমন্ত্ৰণ জনোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে।
ৰাজ্যৰ পেৰা ক্ৰীড়া আৰু খেলুৱৈসকলৰ উত্তৰণৰ বাবে চৰকাৰে আগবঢ়োৱা পৃষ্ঠপোষকতাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই তেওঁ কয় যে পূৰ্বতে পেৰা ক্ৰীড়া সন্থাৰ বাবে চৰকাৰে ১০ লাখ টকা দিছিল যদিও এতিয়া সেই অনুদানৰ পৰিমাণ ৪০ লাখ টকালৈ বৃদ্ধি কৰিছে।
অনুষ্ঠানতে ২০২৬ চনৰ গ্লাছগ' কমনৱেলথ গেমছত ১৬ বছৰ বয়সতে ভাৰতক প্ৰতিনিধিত্ব কৰি দেশৰ সৰ্বকনিষ্ঠ তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা পেৰা এথলীটৰ গৌৰৱ অৰ্জন কৰা অসমৰ চাইক্লিষ্ট লিজা দাসক ৰাজ্য চৰকাৰে আগবঢ়োৱা দুলাখ টকাৰ চেক প্ৰদান কৰা হয়।
ৰাজ্যিক সন্থাৰ সম্পাদক ৰাজীৱ দেই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াৰ যুটীয়া সচিব ললিত ঠাকুৰ, নেপাল পেৰালিম্পিকৰ প্ৰতিনিধি ওম নাথ শিৱাকটি, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰ চি জৈন, ক্ৰীড়া সঞ্চালক অংকুৰ ভড়ালী, এছ বি আইৰ বিষয়া অতুল ৰাথি, জাৰিৰ হুছেইন আৰু পৰিবহন বিভাগৰ বিষয়া গৌতম দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণকাৰী ১০টা দলে মাৰ্চপাষ্ট কৰাৰ লগতে বিহু আৰু সেনা বাহিনীৰ বেণ্ড প্ৰদৰ্শন কৰা হয়।
আবেলিৰ পৰা ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত এথলেটিকছ আৰু বন্দ্যা ইণ্টাৰনেচনেল স্কুলত বেডমিণ্টন তথা টেবুল টেনিছ খেল আৰম্ভ হয়। কাইলৈ বন্দ্যা ইণ্টাৰনেচনেল স্কুলত সাঁতোৰ, সৰুসজাইত দবা আৰু 'উদয়াচল'ত বচিয়া খেল অনুষ্ঠিত হ'ব।