নতুন দিল্লী, ২৮ নৱেম্বৰ: কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ তিনি বছৰ পূৰ্বেই ১৯৮০ চনৰ ভোটাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ সন্দৰ্ভত আদালতত দুখন প্ৰতিবেদন দাখিল কৰিছে দিল্লী আৰক্ষীয়ে।
আদালতৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে দাখিল কৰা তদন্তৰ অগ্ৰগতি সম্পৰ্কীয় প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অভিযোগটো আই পি এষ্টেট থানাৰ এক্তিয়াৰত নপৰে। সেইবাবে বিষয়টো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে নতুন দিল্লী জিলা আৰু পৰৱৰ্তী সময়ত তুঘলক ৰোড থানালৈ হস্তান্তৰ কৰা হয়।
আৰক্ষীয়ে আদালতক জনোৱা মতে, ১৯৮০ আৰু ১৯৮৩ চনৰ ভোটাৰ তালিকাত ছোনিয়া গান্ধীৰ নাম থকাৰ সন্দৰ্ভত নতুন দিল্লীৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ পৰা তথ্য বিচৰা হৈছিল। জিলা দণ্ডাধীশৰ কাৰ্যালয়ে দুয়োখন তালিকাতে নেত্ৰীগৰাকীৰ নাম থকাৰ কথা নিশ্চিত কৰিছে।
ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰপত্ৰ-৬ আৰু অন্যান্য যাৱতীয় নথি-পত্ৰ আৰক্ষীয়ে এতিয়ালৈকে লাভ কৰা নাই বুলি প্ৰতিবেদনত জনোৱা হৈছে। এই নথি-পত্ৰসমূহ উদ্ধাৰৰ বাবে অনুসন্ধান চলাই থকা হৈছে।
ছোনিয়া গান্ধীয়ে কেতিয়া ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল, সেই সন্দৰ্ভতো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিদেশী সংমণ্ডললৈ জাননী প্ৰেৰণ কৰা হৈছিল। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, এণ্টোনিয়া মাইনো ওৰফে ছোনিয়া গান্ধীৰ নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ ১৯৮৩ চনৰ ৩০ এপ্ৰিলত জাৰি কৰা হৈছিল।
গোচৰটোৰ সন্দৰ্ভত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বিনোদ যোশীয়ে পৰৱৰ্তী শুনানিৰ দিন অহা ১৪ ডিচেম্বৰ ধাৰ্য কৰিছে। শুনানিত অভিযোগকাৰীৰ অধিবক্তা বিকাশ ত্ৰিপাঠীৰ হৈ অধিবক্তা নীৰজ উপস্থিত থাকে। সমগ্ৰ বিষয়টোৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে অনিয়মৰ সন্দৰ্ভত স্থিতি স্পষ্ট হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।