কামৰূপ জিলাত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৱা নিশা ছমৰীয়া আৰু মন্দিৰা আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত মুঠ ১১টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত এখন বাহন জব্দ কৰাৰ লগতে এজন গাড়ী চালককো আটক কৰিছে ছমৰীয়া আৰক্ষীয়ে।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত যোৱা নিশা ছমৰীয়া আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলায়। অভিযানৰ সময়ত সৰবৰাহ কৰি থকা অৱস্থাত ৭টা গৰু উদ্ধাৰ কৰা হয়। লগতে গৰু কঢ়িয়াই নিয়া AS 01 NC 4128 নম্বৰৰ বাহনখন জব্দ কৰে আৰক্ষীয়ে। বাহনখনৰ চালকজনকো আটক কৰি নিজৰ জিম্মাত লয় অভিযানকাৰী দলটোৱে।
ইফালে, একে নিশাই মন্দিৰা আৰক্ষীয়েও চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে পৃথক অভিযান চলায়। এই অভিযানত আন ৪টা গৰু জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। দুয়োটা অভিযান মিলাই আৰক্ষীয়ে মুঠ ১১টা গৰু জব্দ কৰিছে।
বৰ্তমান জব্দ কৰা গৰু কেইটা ছমৰীয়া আৰু মন্দিৰা আৰক্ষীৰ জিম্মাত ৰখা হৈছে। এই অবৈধ সৰবৰাহৰ সৈতে জড়িত আন লোকসকলক চিনাক্ত কৰি কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে গৰু সৰবৰাহৰ আঁৰত থকা চক্ৰটোৰ আন সদস্যৰ পৰিচয় আৰু সৰবৰাহৰ গন্তব্যস্থান সম্পৰ্কে এই পৰ্যন্ত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।