শিৱসাগৰ: যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ আসক্তিৰ পৰা আঁতৰাই শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি তোলাৰ লগতে আৰক্ষী, ভাৰতীয় সেনা আৰু চি আৰ পি এফৰ দৰে বাহিনীত নিযুক্তিৰ বাবে প্ৰস্তুত কৰাৰ উদ্দেশ্যে শিৱসাগৰৰ বেতবাৰীত গ্ৰহণ কৰা হৈছে এক প্ৰশংসনীয় পদক্ষেপ। বেতবাৰী নাগৰিক মঞ্চৰ উদ্যোগত আৰু জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ তত্ত্বাৱধানত আৰম্ভ হৈছে এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী।

এই কাৰ্যসূচীৰ অধীনত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ পৰা আমন্ত্ৰণ কৰি অনা বিশেষ প্ৰশিক্ষকৰ জৰিয়তে যুৱক-যুৱতীসকলক দৌৰ, জাম্পকে ধৰি বিভিন্ন শাৰীৰিক অনুশীলনৰ প্ৰশিক্ষণ দিয়া হৈছে। আগন্তুক দিনত আৰক্ষী, ভাৰতীয় সেনা, চি আৰ পি এফ আদি বাহিনীৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰাৰ্থীসকলক প্ৰয়োজনীয় শাৰীৰিক সক্ষমতা গঢ়ি তোলাত এই প্ৰশিক্ষণে সহায় কৰিব বুলি আশা কৰা হৈছে।

কেৱল শাৰীৰিক প্ৰশিক্ষণতে সীমাবদ্ধ নাথাকি নিযুক্তি পৰীক্ষাৰ লিখিত অংশৰ বাবেও প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলক নিয়োগৰ বাবে অধিক প্ৰস্তুত কৰি তোলাৰ লক্ষ্য লোৱা হৈছে।

আনহাতে, যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰাই সুস্থ জীৱনশৈলী আৰু শৃংখলাবদ্ধতাৰ প্ৰতি উৎসাহিত কৰাও এই পদক্ষেপৰ অন্যতম উদ্দেশ্য। বেতবাৰী নাগৰিক মঞ্চ আৰু জিলা আৰক্ষী অধীক্ষকৰ এই উদ্যোগক আদৰণি জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে।