কামৰূপ জিলাৰ বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত হাহিম-বকো পথত প্ৰতিদিনে চলি থকা শ শ কয়লাভৰ্তি অভাৰল'ডেড ট্ৰাকৰ দৌৰাত্ম্যক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা নিয়ম উলংঘা কৰি অহা এই ট্ৰাকসমূহৰ বাবে পথচাৰী আৰু যাত্ৰীসকলৰ নিৰাপত্তা গুৰুতৰ ভাবুকিৰ সন্মুখীন হৈছে বুলি অভিযোগ উঠিছে।
স্থানীয় ৰাইজে বকো-ছয়গাঁৱৰ বিধায়ক ৰাজীৱ মেছৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। জনসাধাৰণৰ জীৱন বিপন্ন কৰা এই অভাৰল'ডেড ট্ৰাকসমূহৰ বিৰুদ্ধে বিধায়কগৰাকীয়ে কোনো দৃঢ় পদক্ষেপ নোলোৱা বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে। সদৌ ৰাভা ছাত্ৰ সন্থাৰ (আৰছু) প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভাই বিধায়কগৰাকীক কঠোৰ সমালোচনা কৰি কয় যে প্ৰায় দুটা দশকৰ দুৰ্ভোগৰ অন্তত ছয়-সাত বছৰমান পূৰ্বে পথটো পকীকৰণ কৰা হৈছিল। বিধায়কগৰাকীয়ে অবৈধ কয়লা পৰিবহণৰ বিৰুদ্ধে মৌন হৈ থকাৰ পৰিৱৰ্তে ৰাইজৰ নিৰাপত্তাক প্ৰাথমিকতা দিয়া উচিত বুলি তেওঁ আহ্বান জনায়। পথত কোনো পথচাৰীৰ দুৰ্ঘটনাত মৃত্যু হ'লে সেয়া বিধায়কগৰাকীৰ নিজৰে ভোটাৰ হ'ব বুলিও ৰাভাই সোঁৱৰাই দিয়ে।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ (আৰএইচএচি) কাৰ্যবাহী সদস্য অৰ্জুন ছেত্ৰীয়ে অভিযোগ কৰে যে প্ৰভাৱশালী পক্ষৰ আশীৰ্বাদত এক সুসংগঠিত কয়লা ছিণ্ডিকেট চলি আছে। তেওঁ দাবী কৰে যে কোনো বৈধ নথিপত্ৰ নোহোৱাকৈ প্ৰতিখন ট্ৰাকৰ বাবদ ১.১০ লাখ টকা লৈ মেঘালয়ৰ পৰা অসমলৈ কয়লা অনা হৈছে। ছেত্ৰীয়ে দিছপুৰে এজন বিধায়কক এই ছিণ্ডিকেট চলোৱাৰ দায়িত্ব দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে। বনশল আৰু আগৰৱালা নামৰ দুজন লোকে বিধায়কজনৰ নেতৃত্বত এই চক্ৰ চলোৱা বুলি উল্লেখ কৰি তেওঁ আৰক্ষী আৰু প্ৰশাসনৰ নীৰৱতাক ধৃতৰাষ্ট্ৰৰ সৈতে তুলনা কৰে।
কাজিৰঙাৰ ৰঙাজানত সংঘটিত শোকাৱহ দুৰ্ঘটনাৰ পিছত পৰিবহণ বিভাগে ৰাজ্যজুৰি তদন্ত তীব্ৰতৰ কৰাৰ পাছতো বকো-হাহিম পথত কোনো ব্যৱস্থা নোলোৱাক লৈয়ো ছেত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে। প্ৰায় ৯ টন বহন ক্ষমতা থকা ট্ৰাকসমূহে নিৰ্ধাৰিত পৰিমাণতকৈ কেইবাগুণো অধিক কয়লা কঢ়িয়াই আনিছে বুলি তেওঁ জনায়। এনে অভাৰল'ডিঙৰ বাবে প্ৰায় প্ৰতিদিনে একোখনকৈ ট্ৰাক বাগৰি পৰি পথত আতংকৰ সৃষ্টি কৰিছে। কামৰূপ আৰু গোৱালপাৰা জিলাৰ পৰিবহণ বিভাগে সাধাৰণ যান-বাহনক জৰিমনা বিহি এনে কয়লাৰ ট্ৰাকক মুক্তভাৱে চলিবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় মহলে।
ছেত্ৰীয়ে কয় যে একাংশ লোকৰ জেপ ভৰাবলৈ সাধাৰণ মানুহৰ জীৱন বিপদাপন্ন কৰি কোনো উন্নয়ন হ'ব নোৱাৰে। চৰকাৰে এনে অবৈধ অভাৰল'ডিং তাৎক্ষণিকভাৱে বন্ধ কৰি নিয়মমাফিক ৰাজহ সংগ্ৰহৰ জৰিয়তেহে পৰিবহণ ব্যৱস্থা পৰিচালনা কৰা উচিত বুলি তেওঁ দাবী জনায়। পথৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে।