আছাদাবাদ, ২৯ নৱেম্বৰ:

বিদ্যালয়ৰ সমীপতে বিস্ফোৰণ ।১০ গৰাকীৰ মৃত্যু, আহত ১১০ গৰাকী নিহত-আহতৰ অধিকাংশই শিক্ষার্থী তথা শিশু। আফগানিস্তানৱ কুনাৰ প্ৰদেশৰ ৰাজধানী আছাদাবাদত এই বিস্ফোৰণ।

আফগানিস্তানৰ পূব কুনাৰ প্ৰদেশৰ ৰাজধানী আছাদাবাদৰ সমীপত এখন বিদ্যালয়ৰ কাষত সংঘটিত এক ভয়াৱহ বিস্ফোৰণত প্ৰায় ১০ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। শনিবাৰে সংঘটিত এই শোকাৱহ ঘটনাত নিহত আৰু আহতসকলৰ অধিকাংশই শিশু তথা বিদ্যালয়খনৰ শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, আছাদাবাদৰ উপকণ্ঠ অঞ্চল আন্দাৰ ছেৰত থকা এখন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ কাষতে থকা এটা বিস্ফোৰক মজুতকৰণ স্থানৰ পৰা বিস্ফোৰণটো ঘটে। স্থানীয় খনি প্ৰতিষ্ঠানসমূহৰ বাবে মজুত কৰি ৰখা এই বিস্ফোৰক সামগ্ৰীসমূহৰ ব্যৱস্থাপনাত হোৱা অসাৱধানতাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে।

বিস্ফোৰণৰ কাৰণ সন্দৰ্ভত কুনাৰ প্ৰদেশৰ সংস্কৃতি আৰু তথ্য বিভাগৰ সঞ্চালক ছামি উল হক বায়ানে জনায় যে স্থানীয় খনন কোম্পানীসমূহৰ বাবে মজুত ৰখা বিস্ফোৰকৰ সঠিক তদাৰকী নোহোৱাৰ ফলতে এই ঘটনা ঘটিবলৈ পালে। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে সমীপৰ বিদ্যালয় ভৱনটোৰ এটা অংশ খহি পৰে।

দুৰ্ঘটনাৰ পাছতে আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। প্ৰাদেশিক প্ৰশাসনৰ শেহতীয়া তথ্য অনুসৰি ৭ জন লোকৰ মৃত্যু আৰু ৯০ জনতকৈ অধিক আহত হোৱাৰ কথা প্ৰকাশ পাইছে যদিও অন্য কিছু সূত্ৰই নিহতৰ সংখ্যা ১০ আৰু আহতৰ সংখ্যা ১১০ বুলি উল্লেখ কৰিছে। আহতসকলৰ অধিকাংশকে প্ৰাথমিক চিকিৎসাৰ অন্তত যাবলৈ দিয়া হয় যদিও প্ৰায় ১৫ জন লোক এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

বিস্ফোৰক মজুত কৰা স্থানত কেনেকৈ এনে অসাৱধানতা হ'ল আৰু বিস্ফোৰণৰ প্ৰকৃত কাৰণ কি, সেই সন্দৰ্ভত স্থানীয় প্ৰশাসনে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে প্ৰকৃত কাৰণ স্পষ্ট হ'ব বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।