২৯ নৱেম্বৰ, ২০২৬
কাইলৈ লোকসভাৰ বিশেষ অধিৱেশন। উত্থাপন হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ (Delimitation) বিধেয়ক। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বিধেয়কত দিলে অনুমোদন।
৩০ নৱেম্বৰৰ পৰা সংসদৰ চাৰিদিনীয়া বিশেষ অধিৱেশন আৰম্ভ হ'ব। এই অধিৱেশনতে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিবলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে 'সমষ্টি পুনৰ নিৰ্ধাৰণ (দ্বিতীয়) বিধেয়ক, ২০২৬' লোকসভাত বিবেচনাৰ বাবে সংবিধানৰ ১১৭(৩) অনুচ্ছেদৰ অধীনত আনুষ্ঠানিক পৰামৰ্শ আগবঢ়ায়।
২৮ নৱেম্বৰত লোকসভা সচিবালয়ে প্ৰকাশ কৰা এক বুলেটিন অনুসৰি, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ২৭ নৱেম্বৰত প্ৰেৰণ কৰা পত্ৰৰ ভিত্তিত ৰাষ্ট্ৰপতিগৰাকীয়ে এই পৰামৰ্শ প্ৰদান কৰে। ভাৰতৰ সঞ্চিত নিধিৰ পৰা ব্যয় জড়িত থকা যিকোনো বিধেয়ক সংসদৰ কোনো সদনত গৃহীত কৰাৰ পূৰ্বে সংবিধানৰ ১১৭(৩) অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ পৰামৰ্শৰ প্ৰয়োজন হয়। অৱশ্যে এই পৰামৰ্শৰ অৰ্থ বিধেয়কখনত ৰাষ্ট্ৰপতিৰ চূড়ান্ত অনুমোদন বা বিধেয়কখন গৃহীত হোৱা বুলি ধৰা নহয়।
বিশেষ অধিৱেশনখনত কেন্দ্ৰীয় চৰকাৰে তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা হাতত লৈছে। সেইকেইখন হৈছে সংবিধান (১৩২তম সংশোধনী) বিধেয়ক, ২০২৬, সমষ্টি পুনৰ নিৰ্ধাৰণ (দ্বিতীয়) বিধেয়ক, ২০২৬ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন (সংশোধনী) দ্বিতীয় বিধেয়ক, ২০২৬। এই বিধেয়কসমূহৰ জৰিয়তে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰাৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
প্ৰস্তাৱিত বিধেয়কসমূহত দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকসভা আৰু বিধানসভাৰ আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে। ইয়াৰ ফলত লোকসভাৰ সৰ্বাধিক সদস্য সংখ্যা ৫৫০ৰ পৰা ৮৫০লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। একেদৰে ৰাজ্যিক বিধানসভাসমূহৰ সৰ্বাধিক আসনৰ সংখ্যা ৫০০ৰ পৰা ৬৫০লৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে।
সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে ২০১১ চনৰ লোকপিয়লৰ তথ্য ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ আছে আৰু ২০৫১ চনলৈ ৰাজ্যসমূহৰ মাজত আসন বিতৰণৰ অনুপাত অপৰিৱৰ্তিত ৰখাৰ কথা উল্লেখ কৰা হৈছে। এই আইনসমূহ কাৰ্যকৰী হ'লে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ পথ মুকলি হ'ব পাৰে। এই উদ্দেশ্যে এখন সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠনৰ প্ৰস্তাৱো অন্তৰ্ভুক্ত কৰা হৈছে।
কাৰ্যসূচী অনুসৰি, ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ লোকসভাৰ বিশেষ বৈঠক অনুষ্ঠিত হ'ব। আনহাতে, ৰাজ্যসভাৰ বৈঠক ২ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব।