গুৱাহাটী, ২৯ নৱেম্বৰ:
‘জুবিনক দেশৰ সকলো মানুহে ভালপায়, ময়ো এগৰাকী জুবিনপ্ৰেমী, জুবিন গাৰ্গ প্ৰতিভাৰ এটা ভঁৰাল'।
প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱে। অসমত উপস্থিত হৈ অভিনেতাগৰাকীয়ে কয়, “জুবিন গাৰ্গ প্ৰতিভাৰ এক ভঁৰাল আছিল আৰু সমগ্ৰ দেশৰ মানুহে তেওঁক ভাল পায়। ময়ো এগৰাকী জুবিনপ্ৰেমী।”
২৯ নৱেম্বৰত গুৱাহাটীত উপস্থিত হৈ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অভিনেতাগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ প্ৰতিভাৰ বিষয়ে যিমানেই কোৱা যায়, সিমানেই কম হ'ব। অসম আৰু অসমীয়া ভাষাৰ প্ৰতি থকা নিজৰ আকৰ্ষণৰ কথা উল্লেখ কৰি তেওঁ জনায় যে দেশৰ বিভিন্ন ভাষা আৰু সংস্কৃতিৰ সৈতে কাম কৰাটো তেওঁৰ এক বিশেষ আগ্ৰহ। অসমলৈ অহাৰ সৈতে তেওঁৰ বহু পুৰণি স্মৃতি জড়িত হৈ আছে বুলিও তেওঁ প্ৰকাশ কৰে।
‘ডাবল বিয়া’ নামৰ এখন নতুন অসমীয়া ছবিত অভিনয় কৰাৰ উদ্দেশ্যে পাঁচদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহিছে অভিনেতাগৰাকী। এই হাস্যৰসধৰ্মী ছবিখনৰ জৰিয়তে ৰাজপাল যাদৱে প্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিব। ছবিখন সুব্ৰত কাকতিৰ প্ৰযোজনা সংস্থা ‘এছ ইউ ভি ফিল্মছ’ (SUV Films)-ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ কাহিনী, চিত্ৰনাট্য তথা পৰিচালনাৰ দায়িত্বত আছে ৰিণ্টু মণি বৰা।
অসম ভ্ৰমণকালত অভিনেতাগৰাকীয়ে মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে জুবিন ক্ষেত্ৰও পৰিদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ পাছতে তেওঁ ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে গোলাঘাটলৈ ৰাওনা হ'ব।
যোৱা ১৫ নৱেম্বৰত গোলাঘাটত ‘ডাবল বিয়া’ ছবিখনৰ শুভ মহুৰত সম্পন্ন হৈছিল। ছবিখনত ৰাজপাল যাদৱৰ সৈতে ত্ৰৈলোক্য বৰুৱা, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, নিতু খনিকৰ আৰু চুমকী কছাৰীকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও শিল্পীয়ে অভিনয় কৰিব।