গুৱাহাটী, ৫ নৱেম্বৰঃ অসম সাহিত্য সভাৰ ২০২৭–২৯ কাৰ্যকালৰ সভাপতি পদৰ বাবে পাঁচগৰাকী বিশিষ্ট ব্যক্তিৰ নাম মনোনীত কৰা হৈছে। সভাৰ মুখ্য কাৰ্যালয়ত জ্যেষ্ঠ সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই নামকেইটা চূড়ান্ত কৰা হয়।

মনোনীত ব্যক্তিকেইগৰাকী হৈছে ড০ কৰবী ডেকা হাজৰিকা, ড০ অনিল শইকীয়া, প্ৰহ্লাদ চন্দ্ৰ তাছা, থানেশ্বৰ মালাকাৰ আৰু ড০ জগদীশ পাটগিৰি।

এই পাঁচগৰাকী ব্যক্তিৰ ভিতৰৰ পৰাই নিৰ্বাচিত হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি। অৱশ্যে, সভাপতি নিৰ্বাচনৰ পৰৱৰ্তী প্ৰক্ৰিয়া আৰু চূড়ান্ত নিৰ্বাচনৰ সময়সূচী সন্দৰ্ভত সভাৰ তৰফৰ পৰা এতিয়ালৈকে সবিশেষ প্ৰকাশ কৰা হোৱা নাই।

অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা, সংৰক্ষণ তথা প্ৰসাৰত অসম সাহিত্য সভাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ২০২৭–২৯ কাৰ্যকালত এই ঐতিহ্যবাহী অনুষ্ঠানটোৰ নেতৃত্ব কোনে গ্ৰহণ কৰিব, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।