ডিগবৈঃ তিনিচুকীয়া জিলাৰ ডিগবৈৰ উল্টাপুল ঔগুৰিত ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। যোৱা ১ নৱেম্বৰত অঞ্চলটোৰ এখন ভিতৰুৱা গাঁৱত সংঘটিত এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে।
স্থানীয় লোকৰ মাজত মহিলাগৰাকীক লৈ অন্ধবিশ্বাসে গা কৰি উঠিছিল। মহিলাগৰাকীয়ে কোনো ব্যক্তিক কিবা কথা ক'লে সেই ব্যক্তিৰ মৃত্যু হয় বুলি এক ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈছিল। এই সন্দেহৰ পৰিণতিতে মহিলাগৰাকীক নিৰ্মমভাৱে হত্যা কৰা হয় বুলি অভিযোগ উঠিছে।
ঘটনাটো প্ৰথম অৱস্থাত গোপনে ৰখাৰ চেষ্টা কৰা হৈছিল যদিও ডিগবৈ আৰক্ষীৰ তৎপৰতাত পোহৰলৈ আহে। আৰক্ষীয়ে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাজু চাওতালৰ পত্নী বুৰি চাওতাল (৪৫), ৰবি মাঝিৰ পত্নী চিমলা মাঝি (৩৫) আৰু মঙ্গল চাওতালৰ পত্নী অনিমা চাওতাল (৪৮)ক গ্ৰেপ্তাৰ কৰিছে।
এই ঘটনাৰ সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ ৩(৫), ৭৪, ১০৩(২), ২১৭(এ) আৰু ২৮৩(এ) ধাৰাৰ লগতে ডাইনী সন্দেহজনিত হিংসা প্ৰতিৰোধ আৰু নিৰ্মূল সম্পৰ্কীয় ২০১৫ চনৰ আইনৰ ৪(১), ৫, ৮, ৯ আৰু ১২ ধাৰাৰ অধীনত ১১১/২০২৬ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। গ্ৰেপ্তাৰ কৰা তিনিগৰাকী মহিলাক আদালতৰ জৰিয়তে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
আধুনিক সমাজতো ডাইনী সন্দেহৰ দৰে অন্ধবিশ্বাসৰ বলি হৈ এগৰাকী মহিলাই প্ৰাণ হেৰুওৱাৰ ঘটনাই অঞ্চলটোত উদ্বেগ সৃষ্টি কৰিছে। এনে কুসংস্কাৰ দূৰ কৰিবলৈ প্ৰশাসন আৰু বিভিন্ন সামাজিক অনুষ্ঠানে সজাগতা অভিযান চলোৱাৰ প্ৰয়োজনীয়তা আছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।