কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ক পুনৰ সমালোচনা কৰি দলটোৰ আদৰ্শক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ দাবী, বিজেপিৰ ধৰ্ম সনাতন নহয়, হিন্দুত্ব। লগতে তেওঁ অভিযোগ কৰে যে হিন্দুত্বই ঘৃণা বিয়পায়, হিন্দু ধৰ্মক প্ৰতিনিধিত্ব নকৰে।
৬ নৱেম্বৰত মধ্যপ্ৰদেশৰ গুনা জিলাত ‘সত্য সনাতন স্বাভিমান যাত্ৰা’ৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দিগ্বিজয় সিঙে এই মন্তব্য কৰে। উজ্জয়িনীৰ পৰা উত্তৰ প্ৰদেশৰ অযোধ্যালৈ এই যাত্ৰা চলাই আছে কংগ্ৰেছ নেতাগৰাকীয়ে।
দিগ্বিজয় সিঙে কয় যে তেওঁ সনাতন ধৰ্মৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাৰ পিছতহে বিজেপিয়ে সনাতন ধৰ্মৰ কথা ক’বলৈ আৰম্ভ কৰিছে। তেওঁৰ মতে, সনাতন ধৰ্মই সকলো ধৰ্মৰ প্ৰতি সন্মান আৰু সমগ্ৰ বিশ্বৰ কল্যাণৰ কথা কয়।
তেওঁ অভিযোগ কৰে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) আৰু বিশ্ব হিন্দু পৰিষদৰ (ভিএইচপি) আদৰ্শই ঘৃণা বিয়পায়। লগতে তেওঁ বিনায়ক দামোদৰ ছাভাৰকাৰৰ বক্তব্যৰ উল্লেখ কৰি কয় যে ছাভাৰকাৰেও হিন্দুত্বৰ সৈতে ধৰ্মৰ সম্পৰ্ক নাই বুলি কৈছিল।
ইফালে, কংগ্ৰেছ নেতা উদিত ৰাজেও হিন্দুত্বক লৈ বিজেপি আৰু আৰ এছ এছক সমালোচনা কৰে। তেওঁ ছাভাৰকাৰৰ হিন্দুত্বৰ সংজ্ঞাত ‘পুণ্যভূমি’ আৰু ‘জন্মভূমি’ৰ ধাৰণাৰ উল্লেখ কৰি কয় যে এনে ধাৰণাই মানুহৰ মাজত বিভাজন সৃষ্টি কৰে।
উদিত ৰাজে ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ লোকৰ অৱদানৰ কথাও উল্লেখ কৰে। তেওঁৰ মতে, হিন্দুত্বৰ নামত বিভাজনৰ ৰাজনীতি কৰা হৈছে।
দিগ্বিজয় সিঙৰ মন্তব্যই হিন্দুত্ব আৰু সনাতন ধৰ্মৰ মাজৰ পাৰ্থক্যক লৈ নতুন ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে।