নতুন দিল্লী, ৬ নৱেম্বৰঃ পাকিস্তানৰ দখলত থকা কাশ্মীৰৰ লগতে বাংলাদেশৰ নোৱাখালী, চট্টগ্ৰাম বন্দৰ আৰু ছিলেট অঞ্চল ভাৰতলৈ ঘূৰাই অনাৰ দাবী উত্থাপন কৰিছে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই। শুকুৰবাৰে তেওঁ অভিযোগ কৰে যে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই অঞ্চলসমূহ বলপূৰ্বকভাৱে হস্তান্তৰ কৰিছিল।
ডুবেই দাবী কৰে যে এই তিনিটা অঞ্চল ঐতিহাসিকভাৱে ত্ৰিপুৰা ৰাজ্যৰ অংশ আছিল। তেওঁৰ মতে, এতিয়া পাকিস্তানৰ দখলত থকা কাশ্মীৰ উদ্ধাৰৰ লগতে নোৱাখালী, চট্টগ্ৰাম আৰু ছিলেট ঘূৰাই অনাৰ সময় আহি পৰিছে।
সাংসদগৰাকীয়ে তদানীন্তন ত্ৰিপুৰাৰ ৰজা বীৰ বিক্ৰম সিং আৰু নেহৰুৰ মাজত হোৱা আলোচনাৰ প্ৰসংগও উল্লেখ কৰে। ডুবেই দাবী কৰে যে ৰজাগৰাকীয়ে নিজৰ ৰাজ্যৰ ভূখণ্ডৰ সন্দৰ্ভত নেহৰুৰ সৈতে আলোচনা কৰাৰ অধিকাৰক লৈ প্ৰশ্ন তুলিছিল। তেওঁ ৰজাগৰাকীৰ উদ্ধৃতি দি কয় যে নোৱাখালী পাকিস্তানক দিয়া, ছিলেট আৰু চট্টগ্ৰামত গণভোট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ কাৰো নাছিল।
ডুবেই লগতে কয় যে চৰ্দাৰ বল্লভভাই পেটেলে সেনা প্ৰেৰণ কৰাৰ পিছত ১৯৪৮ চনৰ অক্টোবৰত মহাৰাণী কাঞ্চন প্ৰভাই যোগদানৰ চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ত্ৰিপুৰা ভাৰতৰ সৈতে সংযুক্ত হৈছিল।
নেহৰুৰ সমালোচনা কৰি ডুবেই ১৯৪৬ চনৰ নোৱাখালীৰ সাম্প্ৰদায়িক হিংসাৰ প্ৰসংগ উত্থাপন কৰে। তেওঁৰ দাবী অনুসৰি, সেই ঘটনাত প্ৰায় ১০ হাজাৰ হিন্দু নিহত হৈছিল। তেওঁ অভিযোগ কৰে যে নেহৰুৱে সেই সময়ত নোৱাখালীৰ হিংসাতকৈ মুছলিম লীগক চৰকাৰত অন্তৰ্ভুক্ত কৰাৰ বিষয়টোত অধিক গুৰুত্ব দিছিল।
চট্টগ্ৰাম বন্দৰ হেৰুওৱাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন বাধাগ্ৰস্ত হোৱা বুলিও দাবী কৰে বিজেপি সাংসদগৰাকীয়ে। তেওঁৰ মতে, বন্দৰটোৰ সৈতে সংযোগ হেৰুওৱাৰ বাবে অঞ্চলটোৰ খনিজ সম্পদ, গেছ আৰু অন্যান্য সম্ভাৱনা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা হোৱা নাই।
ডুবেই ছিলেটৰ গণভোটৰ সৈতে জড়িত বাহাৰুল ইছলামৰ বিষয়েও মন্তব্য কৰে। তেওঁৰ অভিযোগ, কংগ্ৰেছে বাহাৰুল ইছলামক ৰাজ্যসভাৰ সদস্য কৰাৰ লগতে পিছলৈ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও নিযুক্তি দিছিল।
ইফালে, টিপ্ৰা মথাৰ প্ৰতিষ্ঠাপক প্ৰদ্যোত বিক্ৰম মাণিক্য দেৱবৰ্মাইও ত্ৰিপুৰা ৰাজ্যৰ পূৰ্বৰ ভূখণ্ড বিভাজনৰ প্ৰসংগ উত্থাপন কৰিছে। তেওঁৰ দাবী, দেশ বিভাজনৰ সময়ত ত্ৰিপুৰাৰ ৰাজপৰিয়ালক অন্ধকাৰত ৰাখি ৰাজ্যখনৰ বৃহৎ অংশ পূব পাকিস্তানৰ সৈতে সংযুক্ত কৰা হৈছিল। সাগৰীয় পথৰ সুবিধা থাকিলে উত্তৰ-পূৰ্বাঞ্চলৰ কৌশলগত অৱস্থান অধিক শক্তিশালী হ’লহেঁতেন বুলিও তেওঁ মন্তব্য কৰে।