ছাংগৰুৰ, ৪ নৱেম্বৰঃ পঞ্জাবৰ ছাংগৰুৰত বুধবাৰে অনুষ্ঠিত কংগ্ৰেছৰ ‘ইনছাফ ৰেলী’ত অংশগ্ৰহণ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰয়াত পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ গায়কজনৰ পিতৃ বলকৌৰ সিং সিদ্ধুক মঞ্চলৈ আমন্ত্ৰণ জনায় আৰু কয় যে সিদ্ধু মুছেৱালাক ৰাজহুৱা স্থানত গুলীয়াই হত্যা কৰা মানসিকতা এতিয়াও পঞ্জাবৰ বিভিন্ন প্ৰান্তত বিয়পি আছে।

ৰাহুল গান্ধীয়ে সিদ্ধু মুছেৱালাৰ সৈতে হোৱা প্ৰথম সাক্ষাতৰ কথাও স্মৰণ কৰে। তেওঁ কয় যে প্ৰথমবাৰ সাক্ষাৎ কৰাৰ সময়ত তেওঁ সিদ্ধু মুছেৱালাক চিনি পোৱা নাছিল। তেওঁক কেৱল এজন ভাল যুৱক আৰু সংগীতজ্ঞ বুলি কোৱা হৈছিল, যিয়ে কংগ্ৰেছত যোগদান কৰিব বিচাৰিছিল। সাক্ষাতৰ পাছত মুছেৱালাৰ গান শুনি তেওঁ প্ৰভাৱিত হৈছিল বুলিও ৰাহুল গান্ধীয়ে উল্লেখ কৰে।

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মুছেৱালা আছিল এগৰাকী প্ৰতিভাশালী, উদ্যমী আৰু সম্ভাৱনাপূৰ্ণ যুৱক। ৰাজনীতিত যোগদান কৰাৰ সময়ত তেওঁক শাৰীৰিক সুৰক্ষা নহয়, ৰাজনৈতিক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল বুলি ৰাহুল গান্ধীয়ে কয়। পৰৱৰ্তী সময়ত মুছেৱালাই ভাবুকি লাভ কৰিবলৈ আৰম্ভ কৰিছিল আৰু এদিন তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। তাৰ পাছতে পঞ্জাবৰ ৰাজপথত দিন-দুপৰতে গাড়ীৰ ভিতৰত থকা অৱস্থাত মুছেৱালাক গুলীয়াই হত্যা কৰা হৈছিল বুলি ৰাহুল গান্ধীয়ে কয়।

ৰাহুল গান্ধীৰ অভিযোগ, সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ আঁৰৰ মানসিকতা এতিয়া পঞ্জাবৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰিছে। নিজৰ প্ৰতিভা আৰু পৰিশ্ৰমৰ জৰিয়তে আগবাঢ়িব বিচৰা, পঞ্জাব আৰু দেশৰ বাবে কাম কৰিব বিচৰা যুৱক-যুৱতীক ভাবুকি আৰু ভয় দেখুওৱাৰ পাছত গুলীয়াই হত্যা কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে।

ৰেলীত ৰাহুল গান্ধীয়ে পঞ্জাবৰ ড্ৰাগছ সমস্যাক লৈও আম আদমী পাৰ্টিৰ চৰকাৰক সমালোচনা কৰে। তেওঁ প্ৰশ্ন কৰে, ড্ৰাগছ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে পঞ্জাবৰ কোনটো অঞ্চলৰ পৰা এই সমস্যা আঁতৰাব পাৰিছে? ৰাজ্যখনত উদ্যোগ, কাৰখানা আৰু শক্তিশালী কৃষি অৰ্থনীতিৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে। এইবোৰৰ অভাৱত ড্ৰাগছৰ প্ৰসাৰ আৰু গেংষ্টাৰবাদ বৃদ্ধি পাব পাৰে বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰে।

২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ৪ নৱেম্বৰত ছাংগৰুৰত এই ‘ইনছাফ ৰেলী’ৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। ৰেলীত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেও অংশগ্ৰহণ কৰে।