নতুন দিল্লী, ৬ নৱেম্বৰঃ চৰকাৰী কল্যাণমূলক আঁচনিৰ হিতাধিকাৰী চিনাক্তকৰণৰ ক্ষেত্ৰত আধাৰৰ পৰিৱৰ্তে ভোটাৰ পৰিচয়-পত্ৰ ব্যৱহাৰৰ প্ৰস্তাৱক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। এই পদক্ষেপক তেওঁ বিজেপিৰ বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ বুলি অভিযোগ কৰিছে।

শুকুৰবাৰে সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাহুল গান্ধীয়ে দাবী কৰে যে বিশেষ সংশোধন (SIR)ৰ নামত ভোটাৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন কৰা হৈছে। তেওঁৰ অভিযোগ, বিজেপিৰ বিৰুদ্ধে থকা লোকসকলক লক্ষ্য কৰি ভোটাৰ তালিকাৰ পৰা নাম আঁতৰোৱাৰ প্ৰক্ৰিয়া চলিছে।

ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈও প্ৰশ্ন উত্থাপন কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিজেপিৰ সৈতে মিলি ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে এনে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ চেষ্টা চলিছে, য’ত সংখ্যাগৰিষ্ঠতা সদায় বিজেপিৰ পক্ষত থাকিব।

তেওঁৰ মতে, ভোটাৰ পৰিচয়-পত্ৰক চৰকাৰী আঁচনিৰ সুবিধা লাভৰ চৰ্ত হিচাপে ব্যৱহাৰ কৰিলে ভৱিষ্যতে ৰেচন, পেঞ্চন, মনৰেগাৰ মজুৰি, গৃহ নিৰ্মাণ সাহায্য, বৃত্তি আৰু সংৰক্ষণৰ সুবিধা লাভতো প্ৰভাৱ পৰিব পাৰে।

ৰাহুল গান্ধীয়ে কয় যে ভোটদান নাগৰিকৰ অধিকাৰ, চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভৰ চৰ্ত হ’ব নালাগে। দৰিদ্ৰ লোকৰ পেঞ্চন ভোটাৰ পৰিচয়-পত্ৰৰ সৈতে বান্ধি দিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য, কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ঘোষণা কৰিছিল যে মন্ত্ৰালয়ৰ অধীনৰ সামাজিক কল্যাণমূলক আঁচনিৰ আৰ্থিক সাহায্য আৰু সুবিধা লাভৰ বাবে হিতাধিকাৰীয়ে ভোটাৰ পৰিচয়-পত্ৰৰ নম্বৰ দিব লাগিব আৰু বাধ্যতামূলক জৈৱিক পৰিচয় পৰীক্ষাৰ মাজেৰে যাব লাগিব।