গুৱাহাটী, ৪ নৱেম্বৰঃ কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ সম্ভাৱনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শংকিত হৈ পৰিছে বুলি মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে। এক্সত প্ৰকাশ কৰা এটা পোষ্টত গগৈয়ে দাবী কৰে যে কেন্দ্ৰত কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিব আৰু তেওঁ কাৰাগাৰলৈ যাবলগীয়া হ’ব।

গগৈয়ে লিখিছে যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ অহাৰ কথা ভাবিয়েই মুখ্যমন্ত্ৰীৰ নিদ্ৰাহৰণ হৈছে। তেওঁৰ অভিযোগ, বিগত সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে গাপ দি ৰখা অপৰাধ আৰু দুৰ্নীতিৰ তথ্য অতি সোনকালে ৰাইজৰ সন্মুখত প্ৰকাশ পাব।

ইফালে, ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি কৰা বিদ্যুতৰ মাচুলক লৈও চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে। বিদ্যুতৰ মাচুল বৃদ্ধিক মুখ্যমন্ত্ৰীৰ ‘দীপাৱলীৰ উপহাৰ’ বুলি কটাক্ষ কৰি তেওঁ কয় যে উৎসৱৰ প্ৰাকক্ষণত চৰকাৰে পুনৰ বিদ্যুৎ গ্ৰাহকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা জাপি দিছে।

গগৈৰ মতে, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (APDCL) বিগত সময়ছোৱাত জমা হোৱা ১৫৫.৫৯ কোটি টকাৰ বিদ্যুৎ ক্ৰয় ব্যয় পৰৱৰ্তী পাঁচ মাহত গ্ৰাহকৰ পৰা আদায় কৰাৰ অনুমতি লাভ কৰিছে। এই ধন শেষত সাধাৰণ গ্ৰাহকৰ পৰাই সংগ্ৰহ কৰা হ’ব বুলি তেওঁ অভিযোগ কৰে।

চৰকাৰৰ বিত্তীয় অগ্ৰাধিকাৰক লৈও প্ৰশ্ন উত্থাপন কৰে সাংসদগৰাকীয়ে। তেওঁৰ অভিযোগ, নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু হিতাধিকাৰী আঁচনিৰ বাবে চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিলেও ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনাৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া হৈছে।

আনহাতে, ৰাজ্যৰ ঋণৰ পৰিমাণ বৃদ্ধি পাই থকাৰ সময়তে আদানি পাৱাৰৰ সৈতে ৩,২০০ মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ চুক্তি কৰাৰ বিষয়টোও উত্থাপন কৰে গগৈয়ে। তেওঁৰ দাবী, চুক্তিখনত অতিৰিক্ত বিদ্যুৎ উৎপাদনৰ ফলত APDCLৰ সম্ভাৱ্য লোকচানৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে।

‘দ্য ৰিপ’ৰ্টাৰ্ছ কালেক্টিভ’ৰ এক অনুসন্ধানমূলক প্ৰতিবেদনৰ উদ্ধৃতি দি গগৈয়ে কয় যে এই চুক্তিৰ ফলত পাঁচ বছৰত ৰাজ্যৰ ৰাজকোষৰ সম্ভাৱ্য ব্যয় ১২,৫৬৬ কোটি টকালৈ বৃদ্ধি পাব পাৰে বুলি অনুমান কৰা হৈছে।

বিনামূলীয়া আঁচনিৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনত জয়ী হোৱাৰ পিছত সেই আঁচনিসমূহৰ আৰ্থিক বোজা জনসাধাৰণৰ ওপৰত জাপি দিয়া আৰু বৃহৎ কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰাই চৰকাৰৰ অগ্ৰাধিকাৰ বুলি অভিযোগ কৰে গগৈয়ে। মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰি থকা উন্নয়নৰ আৰ্হি সন্দৰ্ভতো তেওঁ প্ৰশ্ন উত্থাপন কৰে।