ৰঙিয়া, ৬ নৱেম্বৰ, ২০২৬:
১০ নং ৱাৰ্ড বিলুপ্ত কৰাৰ প্ৰস্তাৱক কেন্দ্ৰ কৰি উত্তাল ৰঙিয়া । ৰঙিয়া সমজিলাৰ অন্তৰ্গত চিৰাখুন্দী ৰাজহ গাঁওখন ৰঙিয়া ৰাজহ চক্ৰৰ পৰা গোৰেশ্বৰ ৰাজহ চক্ৰত অন্তৰ্ভুক্ত কৰাৰ লগতে ৰঙিয়া পৌৰসভাৰ সংশোধিত পৰিসৰৰ পৰা ১০ নং ৱাৰ্ডটো বাদ দিয়াৰ প্ৰস্তাৱক লৈ সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ। প্ৰস্তাৱিত সিদ্ধান্তৰ প্ৰতিবাদত সহস্ৰাধিক লোকে ৰাজপথলৈ ওলাই আহি পাৱাৰ হাউচ চকত প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰস্তাৱিত সিদ্ধান্ত অনুসৰি, চিৰাখুন্দী ৰাজহ গাঁওখন ৰঙিয়া ৰাজহ চক্ৰৰ পৰিৱৰ্তে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অধীনলৈ নিয়াৰ কথা বিবেচনা কৰা হৈছে। একে সময়তে ৰঙিয়া পৌৰসভাৰ সংশোধিত পৰিসৰৰ পৰা ১০ নং ৱাৰ্ডটো বিলুপ্ত কৰাৰ প্ৰস্তাৱ উত্থাপন হৈছে।
এই প্ৰস্তাৱ কাৰ্যকৰী হ'লে অঞ্চলটোৰ প্ৰশাসনিক পৰিচয় আৰু পৌৰসভাৰ অধীনত থকা স্থানীয় প্ৰতিনিধিত্বৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব পাৰে। ইয়াকে লৈ স্থানীয় বাসিন্দাসকলৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে।
প্ৰস্তাৱিত সিদ্ধান্তৰ বিৰুদ্ধে সহস্ৰাধিক লোক একত্ৰিত হৈ ৰঙিয়াৰ পাৱাৰ হাউচ চকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে ১০ নং ৱাৰ্ডৰ বৰ্তমানৰ পৰিচয় আৰু প্ৰশাসনিক অধিকাৰ অক্ষুণ্ণ ৰখাৰ দাবী উত্থাপন কৰে।
প্ৰতিবাদস্থলীত বিভিন্ন শ্ল'গান দি প্ৰস্তাৱিত সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে। তেওঁলোকৰ মতে, জনসাধাৰণৰ মতামত আৰু স্থানীয় বাস্তৱ পৰিস্থিতি বিবেচনা নকৰাকৈ এনে পৰিৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা উচিত নহয়।
প্ৰতিবাদকাৰীসকলৰ মূল দাবী হৈছে, চিৰাখুন্দী অঞ্চলৰ প্ৰশাসনিক পৰিচয় আৰু ৰঙিয়া পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব লাগে। প্ৰশাসনিক সীমা পুনৰ নিৰ্ধাৰণৰ ফলত অঞ্চলটোৰ বাসিন্দাসকলৰ দৈনন্দিন কাম-কাজ, পৌৰসভাৰ সেৱা আৰু স্থানীয় প্ৰতিনিধিত্বৰ ক্ষেত্ৰত যাতে অসুবিধাৰ সৃষ্টি নহয়, তাৰ ব্যৱস্থা কৰিবলৈও দাবী জনায় তেওঁলোকে।
ৰাইজৰ দাবীক গুৰুত্ব নিদিলে আগন্তুক দিনত বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলা হুংকাৰ। প্ৰস্তাৱিত সিদ্ধান্ত পুনৰ বিবেচনা কৰি ১০ নং ৱাৰ্ডৰ পৰিচয় আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে।